কচুৱাত ফচল বীমাৰ ধন হিতাধিকাৰীৰ পৰা কাঢ়ি নিয়াৰ অভিযোগ...

কচুৱাত এগৰাকী ফচলবীমাৰ হিতাধিকাৰীৰ পৰা ধন কাঢ়ি নিয়াৰ অভিযোগ উঠিছে দালাল চক্ৰৰ বিৰুদ্ধে। এই সম্পৰ্কত কচুৱা থানাত এখন এজাহাৰ দাখিলো কৰিছে নুৰ বানু খাতুন নামৰ মহিলাগৰাকীয়ে। 

author-image
Asomiya Pratidin
New Update
কচুৱাত ফচল বীমাৰ ধন হিতাধিকাৰীৰ পৰা কাঢ়ি নিয়াৰ অভিযোগ...

ডিজিটেল সংবাদ কামপুৰঃ নগাঁও জিলাৰ কচুৱাত এগৰাকী ফচলবীমাৰ হিতাধিকাৰীৰ পৰা ধন কাঢ়ি নিয়াৰ অভিযোগ উঠিছে এটা দালাল চক্ৰৰ বিৰুদ্ধে। এই সম্পৰ্কত কচুৱা থানাত এখন এজাহাৰ দাখিলো কৰিছে নুৰ বানু খাতুন নামৰ মহিলাগৰাকীয়ে। 

মহিলাগৰিকীয়ে এজাহাৰখনত উল্লেখ কৰা মতে কচুৱাৰ চানখোলাৰ নুৰ বানু খাতুন নামৰ মহিলাগৰাকীৰ SBI বেংকত থকা একাউণ্টত ৯,৮০০ টকা ফচলবীমা যোজনাৰ ধন সোমায়।কিন্ত সেই ধন বেংকৰ পৰা উঠাই ঘৰ পোৱাৰ পিছতে চাহজাহান আৰু মাজেদ খাতুন নামৰ দুজন লোক ঘৰত প্ৰৱেশ কৰি ফচল বীমা যোজনাৰ কামখিনি কৰি দিয়া বুলি কৈ টকাখিনি নুৰ বানু খাতুনৰ পৰা জোৰ জৱৰদস্তী লৈ যায়।উপাইবিহীন নুৰ বানু খাতুনে কচুৱা থানাত এক এক গোচৰ তৰিছে।

কামপুৰ