/asomiyapratidin/media/media_files/2025/07/07/whatsapp-image-2-2025-07-07-09-12-35.jpeg)
ডিজিটেল সংবাদ,কামপুৰঃ বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুনৰ পিছত বানৰ কবলত পৰিছে নগাঁও জিলাৰ কামপুৰ আৰু কঠীয়াতলী অঞ্চল। কপিলীৰ নৈৰ উপনৈ নিশাৰী নৈৰ বাঢ়নী পানীত প্ৰতিদিনে বুৰিছে অঞ্চলটোৰ ন ন অঞ্চল। বানৰ ফলত জলমগ্ন হৈ পৰিছে তেঁতেলীসৰা, জুমৰমুৰ, কঠীয়াতলী পঞ্চায়তৰ বৃহৎ কৃষিভূমি।
ইফালে কঠীয়াতলীৰ বিলচাআটি-কঠালগুৰী আৰু মহগঢ়-টেপআটি সংযোগী পথৰ ওপৰৰে পানী বাগৰাত যাতায়ত ব্যাহত হৈ পৰিছে। ফলস্বৰূপে সমস্যাত পৰিছে বন্যাৰ্ত সকল। লক্ষ্যণীয় যে, আহাৰ মাহত পথাৰৰ কঠীয়া আৰু ৰোৱাতলীত পানী সোমোৱাৰ ফলতএতিয়া মুৰে কপালে হাত দিবলগীয়া পৰিস্থিতি হৈছে কৃষক ৰাইজৰ।