/asomiyapratidin/media/media_files/2025/07/05/breaking-news-2025-2025-07-05-17-29-00.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰৰ পৰা প্ৰায় দহ কিলোমিটাৰ দূৰত্বত অৱস্থিত দ্বাপৰা গাঁৱত উদ্ধাৰ কৰা হৈছে এটা মৃতদেহ। পথৰ কাষত থকা এটা পুলত শনিবাৰে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাত অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়।
স্থানীয় লোকে মৃতদেহটো ওচৰৰ চাম গাঁৱৰ দেৱ টেৰন(৩০) বুলি চিনাক্ত কৰে। জানিব পৰা মতে, দেৱই শুকুৰবাৰৰ সন্ধিয়া গোহালিত গৰু বান্ধি পদূলি লৈ ওলাই যায় । তাৰ পাছৰ পৰাই ঘৰলৈ ঘূৰি যোৱা নাছিল যুৱকজন। ইফালে কামপুৰৰ আৰক্ষী আৰু চক্ৰ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰা হয়।