/asomiyapratidin/media/media_files/2025/07/22/web-1-2025-07-22-12-20-26.png)
ডিজিটেল ডেস্কঃ BITS Pilani-ৰ হায়দৰাবাদ কেম্পাছৰ এটা হোষ্টেল কোঠাৰ পৰা আৰম্ভ হোৱা যাত্ৰাই এতিয়া ভাৰতীয় সেনাৰ মনোযোগ আকৰ্ষণ কৰিছে। কেৱল ২০ বছৰ বয়সৰ দুজন ইঞ্জিনিয়াৰিং ছাত্ৰই কামিকাজে ড্ৰোণ নিৰ্মাণ কৰি ভাৰতীয় সেনালৈ যোগান ধৰিছে।
এই দুই ছাত্ৰ ক্ৰমে ৰাজস্থানৰ আজমেৰৰ জয়ন্ত খত্রী আৰু কলকাতাৰ সৌৰ্য চৌধুৰী। তেওঁলোকে নিৰ্মাণ কৰা কামিকাজে ধৰণৰ ড্ৰোণ ভাৰতীয় সেনাৰ বিভিন্ন ইউনিটলৈ প্ৰেৰণ কৰা হৈছে।
এই ড্ৰোণবোৰৰ গতি ঘণ্টাত ৩০০ কিলোমিটাৰ। তাৰোপৰি এই ড্ৰোণ বোৰে এক নিৰ্দিষ্ট ওজনৰ বোমাও কঢ়িয়াব পাৰে। এই ড্ৰোণ ৰাডাৰত ধৰাও নপৰে। কামিকাজে ড্ৰোণক সম্পূৰ্ণৰূপে দেশীয়ভাৱে নিৰ্মাণ কৰা হৈছে, যাতে ভাৰতৰ ভৌগলিক পৰিস্থিতিৰ বাবে উপযোগী হৈ পৰে।
এই সন্দৰ্ভতৱ জয়ন্ত খত্ৰীয়ে কয়, "মই LinkedIn-ত সেনাৰ বিষয়াসকলক ক'ৰ্ড মেচেজ পঠিয়াইছিলো। সৌভাগ্যবশতঃ এগৰাকী মোক উত্তৰ দিলে আৰু চন্দীগড়ত ডেমোৰ বাবে মাতিলে। তাৰ পাছতেই আৰম্ভ হয় এক তীব্ৰ বেগৰ যাত্ৰা। লাইভ ডেমো, সেনাৰ বিভিন্ন ৰেজিমেণ্টত প্ৰদৰ্শন কৰিলো। তাৰ পিছতেই আমালৈ এই ড্ৰোণ নিৰ্মাণৰ বাবে আহিব ধৰিলে অৰ্ডাৰ।
কামিকাজে ড্ৰোণে বেছিভাগ বাণিজ্যিক ড্ৰোণতকৈ ৫ গুণ অধিক গতিৰে উৰিব পাৰে, আৰু টাৰ্গেটত একেবাৰে নিখুঁতভাৱে আঘাত হানিব পাৰে। সৌৰ্য চৌধুৰীয়ে কয়: "আমাৰ ড্ৰোণবোৰ ৰাডাৰত ধৰা নপৰে। আমি প্ৰতিটো ইউনিট হোষ্টেলতে নিৰ্মাণ কৰোঁ, য'ত দৃঢ়তা, বিশ্বাসযোগ্যতা আৰু অভিযোজনক্ষমতালৈ সৰ্বাধিক গুৰুত্ব দিয়া হয়।"
তেওঁ জনোৱা মতে তেওঁলোকে ৬ জনীয়া দল এটাৰে কাম কৰি আছে। তেওঁলোকৰ লগত আছে মেকানিকেল ইঞ্জিনীয়াৰিঙৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ।বৰ্তমান তেওঁলোকে পৰৱৰ্তী প্ৰজন্মৰ VTOL (Vertical Take-Off and Landing) আৰু ফিক্সড-উইং প্লাটফৰ্মত কাম কৰি আছে।
এই ড্ৰোণ প্রস্তুতকাৰী ষ্টাৰ্টআপটোৰ নাম ৰখা হৈছে Apollyon Dynamics, যিয়ে কেৱল ২ মাহৰ ভিতৰতে জম্মু, হাৰিয়ানা, পশ্চিমবংগ আৰু অৰুণাচল প্ৰদেশলৈ অর্ডাৰ লাভ কৰিছে। তেওঁলোকে সেনা বিষয়া আৰু পাইলটসকলক ড্ৰোণ অপাৰেটিঙৰ পাইলটিংৰ প্ৰশিক্ষণো আগবঢ়াইছে।
ইপালে BITS Pilani-ৰ অধ্যাপক ড০ সংকেত গোয়েলে কয়, "ছাত্ৰদ্বয়ে যি সফলতা লাভ কৰিছে, তাক দেখি গৰ্ব অনুভৱ কৰিছো।"