প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহঃ উদুলি-মুদুলি কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়...

১২৮ বছৰীয়া ইতিহাসেৰে সমৃদ্ধ কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়খনৰ অনুষ্ঠানৰ স্মৃতি তৰ্পন কৰে ৰঞ্জিত মালাকাৰে৷  অনুষ্ঠানত 'কৰতল' শীৰ্ষক এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক তথা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ প্ৰকাশ মহন্তই ৷

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ব

ডিজিটেল সংবাদ,কামপুৰ: নগাঁও জিলাৰ কামপুৰৰ অন্তৰ্গত কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়ত আজিৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ ৷ আজিৰ অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী বন্তি প্ৰজ্বলন কৰে মুহী লস্কৰে ৷ ১২৮ বছৰীয়া ইতিহাসেৰে সমৃদ্ধ বিদ্যালয়খনৰ অনুষ্ঠানৰ স্মৃতি তৰ্পন কৰে ৰঞ্জিত মালাকাৰে ৷ 

Advertisment

h

অনুষ্ঠানত প্ৰবীণ শিক্ষাবিদ সুধাময় দাসে পতাকা উত্তোলন কৰাৰ পিছতেই বিদ্যালয়ৰ গীত পৰিবেশন কৰি পতাকা উত্তোলন কৰে প্ৰধান শিক্ষক ডিম্বেশ্বৰ বৰাই ৷ ঐতিহ্যপূৰ্ণ বিদ্যালয়খনৰ পূৰ্বৰ গীত-মাত,প্ৰাৰ্থনা পৰিবেশন কৰাৰ পিছতেই এটি বৰগীতেৰে মঞ্চ মুকলি কৰে ৷

প্ৰাক্তন শিক্ষাৰ্থী সকলৰ অন্তৰংগ আলাপ অনুষ্ঠানটি মুকলি কৰি সুন্দৰ বক্তৃতা দিয়ে প্ৰাক্তন শিক্ষাৰ্থী তথা প্ৰাক্তন সাংসদ জয়ন্ত ৰংপীয়ে ৷  দুপৰীয়া আহাৰ বিৰতিৰ আগে পিছে অৰ্ধ শতাধিক প্ৰাক্তন শিক্ষাৰ্থীয়ে বিদ্যালয়খনৰ অতীত ৰোমন্থন কৰি চমুকৈ বক্তব্য ৰাখে ৷ 

f

সুধাময় দাসৰ সঞ্চালনাত অুনুষ্ঠিত হোৱা মুকলি সভাত উপস্থিত থাকে অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত। অনুষ্ঠানত 'কৰতল' শীৰ্ষক এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক তথা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ প্ৰকাশ মহন্তই ৷

ি

স্মৃতিগ্ৰন্থ উন্মোচন কৰি প্ৰকাশ মহন্তই "গুৰু ব্ৰহ্মা গুৰু বিষ্ণু ,গুৰু দেৱ মহেশ্বৰ,গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, তস্মৈশ্ৰী গুৰুৱে নম:" এই শ্লোকফাঁকি আওৰাই কয় যে, 'শিক্ষা হৈছে জীৱন ব্যাপি চলা এক প্ৰক্ৰিয়া, শিক্ষক হৈছে মানুহ গঢ়াৰ কাৰিকৰ। তাহানিৰ শিক্ষা সন্দৰ্ভত এক সুন্দৰ বিশ্লেষণ কৰি কামপুৰৰ শিক্ষা জগতৰ বিষয়ে বহল ব্যাখ্যা আগবঢ়াই জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে।

তেওঁ কয় যে, মাতৃৰ পিছতে আদি শিক্ষা গুৰুৱে জীৱনৰ আধাৰ প্ৰস্তুত কৰি দিয়ে। তেওঁলোকে ভগৱান, তেওঁলোকে ভগৱতী আই। মাতৃয়ে আদ্যশক্তি আৰু শিক্ষা গুৰু হৈছে পৰম বহ্ম। তেওঁলোকে আমাক মানুহ হোৱাৰ শিক্ষা দিয়ে। পূৰ্ণ মানৱত পৰিণত হোৱাৰ শিক্ষা দিয়ে। লগতে আমাক ভৱিষ্যতে জাতীয় জীৱনৰ সম্পদত পৰিণত হোৱা শিক্ষাৰ দিয়ে। সেই শিক্ষাত জাত-পাত,উচ্চ-নিচ, ধনী-দুখীয়াৰ ভেদা-ভেদ নাথাকে। সেই আদি পাঠ আমি সঠিকভাৱে ল'ব নোৱাৰো বাবেই প্ৰতিযোগিতাৰ পিছত দৌৰিবলৈ আৰম্ভ কৰো। আৰু শেষত আমি মানৱ জীৱনৰ যি উদ্দেশ্য সেই উদ্দেশ্য পূৰণত বিফল হওঁ। আমি সমাজৰ পৰা বিছিন্ন হৈ পৰো। মই আশা কৰিম প্ৰজন্মৰ পাছত প্ৰজন্মই জীৱনৰ আদি পাঠ দিয়া শিক্ষাণুষ্ঠান তথা শিক্ষাগুৰুৰ পৰা যাতে বিছিন্ন নহয়।

শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত কোনো জাতি-ভেদ প্ৰথা যে নাথাকে সেই কথাটো কামপুৰ কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়ত নামভৰ্তি কৰা দিনটোতেই শিকিছিল বুলিও উল্লেখ কৰে জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে ৷ 

j

ইয়াৰোপৰি উক্ত বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সকলৰ স্মৃতি জীয়াই ৰখাৰ পোষকতা কৰি কামপুৰ,কঠীয়াতলি, বঢ়মপুৰ অঞ্চলৰ শিক্ষা জীৱনৰ ওপৰত বহল বক্তৃতা দাঙি ধৰে জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে। লগতে বিদ্যালয়খনত নবীন সংস্কৰণেৰে স্মৃতি জিপাল কৰি ৰাখিবলৈ সকলোকে আহ্বান জনাই প্ৰকাশ মহন্তই ৷

আজিৰ অনুষ্ঠানত সভাপতি সুধাময় দাসে কয় যে, মানুহ কেৱল খাই বৈ জীয়াই থাকিবলৈ ভগৱানে এই ধৰালৈ পঠিওৱা নাই ,আমি নৈতিকতাৰ শিক্ষাৰে শিক্ষিত হৈ সকলো শ্ৰেণীৰ মানুহৰ অন্ন-বস্ত্ৰ আৰু বাসস্থানৰ লগত জৰিত হৈ কিছু পৰিমাণে হ'লেও সমাজ সেৱা কৰিব লাগে ৷ লগতে মাতৃয়েই হৈছে প্ৰথম আৰু শ্ৰেষ্ঠ শিক্ষক, সেয়ে সকলোকে প্ৰকৃত শিক্ষাৰে শিক্ষিত হ'বলৈ আহ্বান জনাই সভাপতি দাসে।

f

 

কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়