সদৌ কমান অপৃন কৌবাংৰ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা সভা...

মুঠ ২৬ গৰাকী  শিক্ষাৰ্থীক এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হ'ব

author-image
Asomiya Pratidin
New Update
সদৌ কমান অপৃন কৌবাংৰ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা সভা...

KAMAN APRIN KAUBANG

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ  অসমৰ দ্বিতীয় বৃহৎ ভৈয়াম জনগোষ্ঠী মিচিং  সমাজৰ অন্যতম শক্তিশালী প্ৰশাখা কমান সকলৰ উমৈহতীয়া স্বগোষ্ঠীয় মঞ্চ সদৌ কমান অপৃন কৌবাংৰ উদ্যোগত বিগত বৰ্ষবোৰৰ দৰে ২০২২ বৰ্ষতো  হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ  শিক্ষাৰ্থী সকলক সম্বৰ্ধনা জনোৱাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।

ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা ২০২২ বর্ষৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতিমান ছাত্ৰ- ছাত্ৰী সকলক অহা ২ অক্টোবৰত নৃগোষ্ঠীয় মঞ্চ কমান অপৃনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে ।

সদৌ কমান অপৃন কৌবাংৰ সম্পাদক চিদানন্দ কমানে জানিবলৈ দিয়া মতে ধেমাজি জিলাৰ গোগামুখ  বালিকা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিতব্য অষ্টম বাৰ্ষিক কেন্দ্ৰীয় সম্বৰ্ধনা অনুষ্ঠান পুৱা ৯ বজাৰ পৰা দিনজোৰাকৈ  অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে। 

সম্পাদক কমানে জনোৱা মতে ৰাজ্যখনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ মুঠ ৩০ গৰাকী ,উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত মেধাত্বৰে উত্তীৰ্ণ  মুঠ ২৬ গৰাকী  শিক্ষাৰ্থীক এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হ'ব ।

সম্বৰ্ধনা সভাত সভাপতিত্ব কৰিব অপৃন কৌবাংৰ সভাপতি নন্দেশ্বৰ কমানে ।  দুধনৈৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশিষ্ট অভিযন্তা  বেঞ্জামিন কমানে আদৰণি ভাষণেৰে শুভ উদ্ধোধন কৰিবলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অৱসৰ প্ৰাপ্ত উপ প্ৰৱন্ধক মহেন্দ্ৰ নাথ কমান ।

তাৰোপৰি সভাত নিৰ্দিষ্ট বক্তা হিচাবে মিচিং শব্দ কোষৰ সহকাৰী সম্পাদক জয়ন্ত কমান , বিশিষ্ট অতিথি হিচাপে  অসম অসামৰিক সেৱাৰ বিষয়া তথা বোকাজান মহকুমাৰ মহকুমা নিৰ্বাচনী বিষয়া দিম্পল কমান, গোগামুখ মহাবিদ্যালয়ৰ অধ্যাপক  পীতাম্বৰ পেগু আৰু আমন্ত্ৰিত অতিথি হিচাপে বিশিষ্ট শিক্ষাবিদ ভাস্কৰ জ্যোতি কমান আৰু মহেশ্বৰ কমানে অংশগ্ৰহণ কৰিব ।

কমান অপৃনৰ কাৰ্যকৰী সভাপতি সূৰ্য্য কমানে কমান অপৃন কৌবাংৰ মেধাৱী শিক্ষাৰ্থী সকলৰ  সমুজ্জ্বল শৈক্ষিক উত্তৰণৰ দিশৰ সফল অগ্ৰসৰী যাত্ৰাত সহায়ক হোৱাৰ স্বাৰ্থত আয়োজিত অনুপ্ৰেৰণামূলক  আৰু উদগনি মূলক সম্বৰ্ধনা অনুষ্ঠানত স্বগোষ্ঠীয় শিক্ষাব্রতী ৰাইজ , ছাত্ৰ সংগঠন, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকল উপস্থিত থাকি উৎসাহিত কৰাৰ বাবে আহ্বান জনাইছে।

dhakuakhana