/asomiyapratidin/media/media_files/2025/07/28/swati-kiran-2025-07-28-12-09-52.jpg)
'কমলা বৰগোহাঁই নিৰ্বাচিত ৰচনাসম্ভাৰ' উন্মোচন
ডিজিটেল সংবাদ, গুৱাহাটীঃ দেওবাৰে শিলপুখুৰীস্থিত পঞ্চৱটীত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ড০ স্বাতী কিৰণৰ দ্বাৰা সম্পাদিত 'কমলা বৰগোহাঁই নিৰ্বাচিত ৰচনাসম্ভাৰ' উন্মোচন কৰা হয়। গ্ৰন্থখনি উন্মোচন কৰে অসমীয়া সাহিত্যৰ দ্বিগজ সমালোচক তথা প্ৰথিতযশা সাহিত্যিক ড০ হীৰেন গোহাঁইয়ে।
এই অনুষ্ঠানত স্বনামধন্য ঔপন্যাসিক তথা গল্পকাৰ অৰূপা পটঙ্গীয়া কলিতাই কমলা বৰগোহাঁইৰ সাহিত্য সম্পৰ্কে বক্তব্য প্ৰদান কৰাৰ লগতে বিশিষ্ট গল্পকাৰ অপূৰ্ব কুমাৰ শইকীয়াই কমলা বৰগোহাঁইৰ সাহিত্য আৰু সান্নিধ্যৰ বিষয়ে বক্তব্য আগবঢ়ায়। অনুষ্ঠানটোত ৰাণী গোহাঁই, অম্বেশ্বৰ গগৈ, অংকুৰ ডেকা, মনালিছা শইকীয়া, মনোৰম গগৈ, অপু ভৰদ্বাজ, স্বপ্না দত্ত ডেকা, মনোজ চক্ৰৱৰ্তী, প্ৰদীপ শইকীয়া, ৰিপুঞ্জয় গগৈকে আদি কৰি উপস্থিত গণ্য মান্য ব্যক্তিসকলে গ্ৰন্থ উন্মোচনৰ লগত সংগতি ৰাখি আয়োজন কৰা সৃষ্টিশীল আলাপত অংশগ্ৰহণ কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।