Advertisment

কমল চন্দ্ৰ শইকীয়াঃ জীৱন আৰু জিজ্ঞাসা শীৰ্ষক গ্ৰন্থ উন্মোচন

শিক্ষাবিদ কমল চন্দ্ৰ শইকীয়াই শিক্ষক হিচাপে গ্ৰহণ কৰা বিভিন্ন পদ্ধতিৰ বিষয়ে উল্লেখ কৰি শিক্ষাৰ্থীসকলৰ মানসিকতা অধ্যয়ন কৰি শিক্ষাদান কৰিব পৰাতো শিক্ষকৰ বাবে অতি প্ৰয়োজনীয় বুলি মন্তব্য একাংশৰ

author-image
Asomiya Pratidin
New Update
jnj

ডিজিটেল সংবাদ,মাজুলী:  শিক্ষাবিদ, বিশিষ্ট সমাজকৰ্মী কমল চন্দ্ৰ শইকীয়াৰ জীৱনৰ পৰিক্ৰমা সামৰি প্ৰস্তুত কৰা অভিনন্দন-গ্ৰন্থ 'কমল চন্দ্ৰ শইকীয়াঃ জীৱন আৰু জিজ্ঞাসা' আজি মাজুলী মহাবিদ্যালয়ত শুভ উন্মোচন কৰা হয়। অধ্যক্ষ  ডঃ দেৱজিৎ শইকীয়াৰ সম্পাদনাত প্ৰকাশিত গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামীয়ে।

Advertisment

মহাবিদ্যালয়ৰ পদ্মকান্ত দেৱগোস্বামী সভাকক্ষত সভাত সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা অভিনন্দন গ্ৰন্থখনৰ সম্পাদনা সমিতিৰ সভাপতি নৰেন চন্দ্ৰ ঠাকুৰীয়াই। সম্পাদনা সমিতিৰ সদস্যা তথা অধ্যাপিকা প্ৰণীতা ৰাজখোৱাই আঁত ধৰা সভাখনি উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ ৰামেশ্বৰ দলেই। সভাৰ আৰম্ভণিতে সকলোকে আদৰণি জনাই মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কমল চন্দ্ৰ শইকীয়াক এজন আদৰ্শ শিক্ষক হিচাপে অভিহিত কৰি এইজনা গুৰুৰ পাঠদান তেওঁৰ শিষ্যসকলে আজীৱন স্মৰণ কৰিব বুলি উল্লেখ কৰে।

লগতে এইজন শিক্ষাবিদৰ জীৱন পৰিক্ৰমা একোটো উপন্যাসোপম কাহিনীৰ দৰেই বুলি বক্তব্য কৰে। গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰি আগবঢ়োৱা বক্তব্যত সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামীয়ে উপনিষদৰ প্ৰসংগৰে মানৱ জীৱন সাৰ্থক হোৱাৰ বাটত শিক্ষাদান এক অন্যতম মহৎ কৰ্ম বুলি অভিহিত কৰে। লগতে শিক্ষাৰ্থীসকলৰ অন্তত এতিয়াও এক নিৰ্দিষ্ট স্থান অধিকাৰ কৰি থকা এইজনা ব্যক্তি এইখনি অভিনন্দন গ্ৰন্থৰ দ্বাৰা অমৰ হৈ থাকিব বুলি আশা প্ৰকাশ কৰে।

অভিনন্দিত ব্যক্তি শিক্ষাবিদ কমল চন্দ্ৰ শইকীয়াই শিক্ষক হিচাপে তেওঁ গ্ৰহণ কৰা বিভিন্ন পদ্ধতিৰ বিষয়ে উল্লেখ কৰি শিক্ষাৰ্থীসকলৰ মানসিকতা অধ্যয়ন কৰি শিক্ষাদান কৰিব পৰাতো শিক্ষকৰ বাবে অতি প্ৰয়োজনীয় বুলি কয়। লগতে তেওঁৰ জীৱন্ত অৱস্থাতে এনে এখন অভিনন্দন গ্ৰন্থৰে সন্মানিত কৰা বাবে সকলো শুভাকাংক্ষীক কৃতজ্ঞতা জ্ঞাপন কৰে।

সভাত উপস্থিত থাকি পৰিয়ালবৰ্গৰ হৈ পুত্ৰ কল্পজিৎ শইকীয়া আৰু প্ৰণৱ কুমাৰ শইকীয়াই ব্যক্তিগৰাকীৰ জীৱনৰ কিছু বিশেষ ক্ষণৰ কথা ৰাইজৰ আগত ব্যক্ত কৰে। সমজুৱাৰ একাষাৰত উমাকান্ত ৰাজখোৱা, বিপিন শইকীয়া, ঘনকান্ত নাথ, নিৰণ শইকীয়া, যোগধৰ শইকীয়া, ৰেৱ বৰা, কৰুণা বৰা, ডলী বৰুৱা, ললিত চন্দ্ৰ হাজৰিকা, হৰেন বৰুৱা আদিয়ে নিজৰ বক্তব্যৰে বিদ্যানুৰাগী ব্যক্তিগৰাকীৰ লগত জড়িত বিভিন্ন অভিজ্ঞতা সকলোৰে আগত দাঙি ধৰে।

সভাত মাজুলীৰ বিশিষ্ট ব্যক্তি মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ সৰ্বেশ্বৰ হাজৰিকা, ভোলা বৰা, আৰতি বৰা, অমৃতেশ্বৰ চুতীয়া, দিবাকৰ শইকীয়া, অৰুণ কুমাৰ পাঠক, নৰনাথ হাজৰিকা, লক্ষ্মীনাৰায়ণ ব্যাস, প্ৰভাত বৰা বুঢ়াভকত, কৃষ্ণকমল শইকীয়া, লোহিত বৰা, জগত হাজৰিকা, যুগল হাজৰিকা, ডিম্বেশ্বৰ দত্ত, খগেন হাজৰিকা, দধি বৰুৱা, তিলেশ্বৰ কলিতা, প্ৰমোদ বৰা, বিপুল শইকীয়া, ধীৰেন চন্দ্ৰ শইকীয়া, মৃদুল শইকীয়া, বিমান শইকীয়া, তীৰ্থ ভূঞা বৰগায়ন, প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়াই  জ্যেষ্ঠ অধ্যাপক ডঃ  ৰাজেন চন্দ্ৰ বৰা, অজয় প্ৰসাদ সিং, মায়াশ্ৰী ডেকা হাজৰিকা, গীতাৰাণী গোস্বামী, ডঃ ৰূপজ্যোতি বৰা, ডঃ ব্ৰজেন চন্দ্ৰ নেওগ, তুলসী ৰাজখোৱা, অপূৰ্বজ্যোতি হাজৰিকা, দেৱজ্যোতি খাটনিয়াৰ, ডঃ জয়া কলিতা গগৈ, প্ৰণৱজ্যোতি বৰা, ডঃ দেৱজ্যোতি ভট্টাচাৰ্য, ডঃ বিশাল ভূঞা, ডঃ দিগন্ত হাতীবৰুৱা, আচাৰ্য মোহন দাস, কংকন বৰদলৈ, ৰুবী বৰা, সুদৰ্শনা ফুকন, প্ৰীতিৰেখা গগৈ, বিদিশা ভট্টাচাৰ্য প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অংশ লৈ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহায় কৰে। সভাৰ অন্তত সকলোকে শলাগ জ্ঞাপন কৰে অৱসৰী প্ৰধান শিক্ষয়িত্ৰী লীলাৱতী শইকীয়াই।

কমল চন্দ্ৰ শইকীয়া