হাইড্ৰ'ল'জিকেল, জিঅ'ল'জিকেল অধ্যয়নৰ অন্ততহে হ'ব কামাখ্যা কৰিড'ৰ নিৰ্মাণৰ কাম...

হাইড্ৰ'ল'জিকেল, জিঅ'ল'জিকেল অধ্যয়নৰ অন্ততহে হ'ব কামাখ্যা কৰিড'ৰ নিৰ্মাণৰ কাম...

author-image
Asomiya Pratidin
New Update
হাইড্ৰ'ল'জিকেল, জিঅ'ল'জিকেল অধ্যয়নৰ অন্ততহে হ'ব কামাখ্যা কৰিড'ৰ নিৰ্মাণৰ কাম...

ডিজিটেল ডেস্কঃ কামাখ্যা মন্দিৰ এচেচ কৰিড'ৰ প্ৰকল্প আন্তঃ গাঁথনি আৰু অন্যান্য নিৰ্মাণ কাৰ্যত সাময়িকভাৱে স্থগিত ৰাখিব চৰকাৰে। কামাখ্যা মন্দিৰৰ ভূগৰ্ভ আৰু নিলাচল পাহাৰত থকা শিল তথা জল উৎস বিন্যাস সম্পৰ্কীয় অধ্যয়ন সম্পন্ন নোহোৱাকৈ এই প্ৰকল্প ৰূপায়ন কৰা নহয়। গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত শপতনামা যোগেৰে এই কথা ৰাজ্য চৰকাৰৰ হৈ জনালে লোকনিৰ্মাণ বিভাগে ।

Advertisment

শপতনামাত উল্লেখ কৰা মতে ৰাজ্যৰ লোকনিৰ্মাণ বিভাগে এই সম্পৰ্কীয় অধ্যয়নৰ বাবে আই আই টি গুৱাহাটীৰ সৈতে স্বাক্ষৰিত কৰিছে বুজাবুজিৰ চুক্তি। আই আই টি গুৱাহাটী দলে হাইড্ৰল'জিকেল আৰু জিঅ'ল'জিকেল অধ্যয়ন সম্পুৰ্ণ কৰা পাছতেই এই নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব।

কামাখ্যাৰ এই কৰিড'ৰ নিৰ্মাণত হ'ব পৰা ভয়াবহ পৰিস্থিৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিল নৱজ্যোতি শৰ্মাই। এনে নিৰ্মাণ কাৰ্যই কামাখ্যা মন্দিৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব বুলি শংকা ব্যক্ত কৰা হৈছিল আবেদনত।

সেই লেখ আবেদনত উল্লেখ কৰা হৈছিল এই কৰিড'ৰ নিৰ্মাণৰ বাবে কোনো জিঅ'ল'জিকেল আৰু হাইড্ৰল'জিকেল অধ্যয়ন নকৰা কথা। সেই লেখ আবেদনৰ শুনানিত এনে অধ্যয়নৰ অন্ততহে কামাখ্যা কৰিড'ৰ প্ৰকল্পৰ কাম আৰম্ভ কৰা হ'ব বুলি শপতনামা যোগে আদালতত জনালে চৰকাৰে।

Also Read: আচৰিতঃ ভাৰতৰ ৫খন ঠাই, ভাৰতীয়ৰে প্ৰৱেশৰ অনুমতি নাই...

kamakhya temple