নতুন দিল্লীত কল্যাণ বৰুৱা সোঁৱৰণী সাংবাদিকতা বঁটা ২০২৪ অনুষ্ঠান

নতুন দিল্লীত বুধবাৰে কল্যাণ বৰুৱা সোঁৱৰণী সাংবাদিকতা বঁটা ২০২৪ শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখযোগ্য যে নৰ্থ- ইষ্ট মেডিয়া ফৰাম আৰু সামাজিক সংস্থা মাই হোম ইণ্ডিয়াৰ সহযোগত বঁটাসমূহ প্ৰদান কৰা হয়

author-image
Asomiya Pratidin
New Update
zdgdj

ডিজিটেল সংবাদ, নতুন দিল্লী : নতুন দিল্লীত বুধবাৰে কল্যাণ বৰুৱা সোঁৱৰণী সাংবাদিকতা বঁটা ২০২৪ শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখযোগ্য যে নৰ্থ- ইষ্ট মেডিয়া ফৰাম আৰু সামাজিক সংস্থা মাই হোম ইণ্ডিয়াৰ সহযোগত বঁটাসমূহ প্ৰদান কৰা হয়। চাৰিটা শাখাত প্ৰদান কৰা হয় বঁটাসমূহ। 

xcfngc

উক্ত অনুষ্ঠানত জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয় জ্যেষ্ঠ সাংবাদিক কিশোৰ ছাৰামক। একেদৰে ছপা মাধ্যম সাংবাদিকতা বঁটা প্ৰদান কৰা হয় মুবিনা আখটাৰক। আনহাতে বৈদ্যুতিন মাধ্যমৰ শিতানত এই বঁটা প্ৰদান কৰা হয় সাংবাদিক মৃদুষ্মন্ত বৰাক।

dfhn

ইফালে ডিজিটেল মাধ্যম সাংবাদিকতাৰ বাবে এই বঁটা ড০ ক্ষেত্ৰিমায়ুম চিত্ৰাবানু দেৱীক প্ৰদান কৰা হয়। আনহাতে বিচাৰকৰ বিশেষ সন্মান ফাৰহানা আহমেদ আৰু অপাৰমিতা দাসলৈ আগবঢ়োৱা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা। অনুষ্ঠানত প্ৰয়াত সাংবাদিক কল্যাণ বৰুৱাক সুঁৱৰি আবেগিক হৈ পৰে পৱিত্ৰ মাৰ্ঘেৰিটা। 

sdfn

নৰ্থ ইষ্ট মেডিয়া ফৰামৰ সভাপতি সঞ্জীৱ কুমাৰ বৰুৱাই সভাপতিত্ব কৰা অনুষ্ঠানত মাই হোম ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সুনীল দেওধৰ, সভাপতি বলদেৱ ৰাজ সচদেবাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

pabitra margherita new delhi