/asomiyapratidin/media/media_files/2025/07/16/dhemaji-16-2025-07-16-07-49-23.jpg)
ডিজিটেল সংবাদ, ধেমাজি: ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ ধেমাজি কাৰ্য্যালয়ৰ বেংক মিত্ৰ কল্পনা চেতিয়া বৰ্মনে ভাৰতীয় ষ্টেট বেংক আৰু পঞ্জাৱ নেচনেল বেংক ধেমাজি শাখাৰ দালাল চক্ৰটোৰ সৈতে মিলি কোটি টকা আত্মসাৎ কৰা কেলেংকাৰী বিষয়ে ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে। তাৰ মাজতে মঙ্গলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি উত্তৰ ধেমাজি আঞ্চলিক সমিতিৰ উদ্যোগত ভুক্তভোগী আত্মসহায়ক গোটৰ সদস্যা সকলৰ সহযোগত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
বেংক মিত্ৰ কল্পনা চেতিয়া বৰ্মন, ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ কৰ্মচাৰী আৰু দুই বেংক কৰ্তৃপক্ষৰ একাংশ ধুৰন্ধৰ কৰ্মচাৰীয়ে আত্মসহায়ক গোটৰ ঋণৰ সমুদায় ধন আত্মসাৎ কৰা দালাল চক্ৰটোক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবীত ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ ধেমাজি কাৰ্য্যালয়ৰ সন্মুখত প্ৰায় এঘন্টা ধৰি প্ৰতিবাদকাৰীসকলে বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে৷
ধেমাজি নগৰৰ চাৰিআলি প্ৰেট্ৰ’ল ডিপো ওচৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰে খোজ কাঢ়ি আহি প্ৰতিবাদী মহিলাসকলে হাতে হাতে বেনাৰ, পোষ্টাৰ, ফেষ্টুন আৰু প্লে'কাৰ্ড লৈ কোটি টকা আত্মসহায়ক গোটৰ ধন আত্মসাৎ কৰা কল্পনা চেতিয়া বৰ্মনক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক, এছ আৰ এল এমৰ জড়িত কৰ্মচাৰীসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক, বেংক দালাল চক্ৰক গ্ৰেপ্তাৰ কৰক, এছ আৰ এল এম হুচিয়াৰ, বেংকৰ দালাল চক্ৰ হুচিয়াৰ, আত্মসহায়ক গোটৰ নামত দালালগিৰি বন্ধ কৰক, দোষীক কৰায়ত্ত কৰিব লাগিবই, আমাক ন্যায় লাগিবই ইত্যাদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্যিক জীৱিকা অভিযানৰ ধেমাজি খণ্ডৰ কাৰ্য্যালয়ৰ সন্মুখত উত্তাল কৰি তোলে৷
কাৰ্য্যসূচীৰ মাজতে প্ৰতিবাদকাৰীসকলে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিৰ প্ৰাক্তন সম্পাদক নাৰায়ণ বৰাই আতঁ ধৰা সভাখনত উপস্থিত থকা ভুক্তভোগী আত্মসহায়ক গোটৰ মহিলাসকলৰ হৈ বিউটি হাজৰিকা, চিন্তা চাহু আৰু গায়ত্ৰী হাজৰিকাই বক্তব্যত ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ ধেমাজি খণ্ড কাৰ্য্যালয়ৰ বেংক মিত্ৰ, কাৰ্য্যালয়ৰ বিষয়া, কৰ্মচাৰীসকলৰ লগতে বেংক দালালি চক্ৰই গ্ৰাম্যঞ্চলৰ সাধাৰণ দুখীয়া, দৰিদ্ৰ, মহিলাক কৰা এনে দুৰ্নীতি আৰু অন্যায়ৰ অভিশাপত এদিন ইয়াৰ উপযুক্ত শাস্তি পাবই বুলি তেওঁলোকে আশাবাদী৷
এই বিয়াগোম ৩ কোটি টকীয়া কেলেংকাৰীত জড়িত কোনো এজনো দোষীয়েই যাতে সাৰি যাব নোৱাৰে তাৰ বাবে নিৰপেক্ষ তদন্ত কৰি তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে জিলা প্ৰশাসনক দাবী জনায়৷ কাৰ্য্যসূচীত বিভিন্ন অঞ্চলৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি ধেমাজি জিলাৰ সভাপতি যদুমনি গগৈ, সম্পাদক দূৰ্গা বৰা, প্ৰাক্তন জিলা সম্পাদক প্ৰহলাদ ফুকন, কৃষক মুক্তি সংগ্ৰাম সমিতি উত্তৰ ধেমাজি আঞ্চলিকৰ সভাপতি ৰঞ্জিত শইকীয়া, সম্পাদক ভৰত গগৈ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতি উপদেষ্টা যুগল গগৈ, কাৰ্য্যকৰী সভাপতি মন্টু কাৰ্দ্দঙকে ধৰি দুই সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷
শেষত ধেমাজি জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ উক্ত কেলেংকাৰী তাৎক্ষণিক হস্তক্ষেপ বিচাৰি পাঁচটা দাবীৰে এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷ স্মাৰকপত্ৰখনি জিলা আয়ুক্তৰ হৈ সহকাৰী আয়ুক্ত চিমা দেৱী ইয়েইনে গ্ৰহণ কৰে৷ ইফালে ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ খণ্ড প্ৰকল্প পৰিচালক প্ৰনৱজ্যোতি দলেয়ে কেলেংকাৰী সংঘটিত হোৱা ৬ দিনে নিৰৱে থকাৰ পিছত ৰাইজৰ প্ৰতিবাদৰ আগ জাননী পাই সোমবাৰে নিশাই খৰ খেদাকৈ ধেমাজি সদৰ আৰক্ষী থানাত বেংক মিত্ৰ কল্পনা চেতিয়া বৰ্মনৰ বিৰুদ্ধে এজেহাৰ দাখিল কৰে৷
খণ্ড প্ৰকল্প বিষয়াগৰাকীয়ে নিজকে ধোঁৱা তুলশী পাত সজাবলৈ অতি কৌশলেৰে এজেহাৰত তেওঁৰ আৰু তেওঁৰ খণ্ড কাৰ্য্যালয়ৰ সহযোগী কৰ্মচাৰী অজ্ঞাতে মোৰ স্বাক্ষৰ জালিয়াতি কৰি ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ কাৰ্য্যালয়ৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আৱন্টৱন হোৱা ঋণৰ সমুদায় ধন বেংক মিত্ৰ কল্পনা চেতিয়া বৰ্মনে আত্মসাৎ কৰিছে বুলি উল্লেখ কৰিছে৷ আনহাতেদি সোমবাৰে খণ্ড প্ৰকল্প বিষয়াগৰাকীয়ে সাংবাদিকৰ আগত বেংক মিত্ৰই তেওঁৰ অজ্ঞাতে ভুলপথে নি স্বাক্ষৰ কৰাই নিছিল বুলিও অৱগত কৰিছিল৷