/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-19/y7cpawd9/uiui.jpg)
ডিজিটেল ডেস্কঃ মহিলাসকলে নিশাৰ ভাগত কাম কৰিব নোৱাৰিব বুলি বাধা-নিষেধ আৰোপ কৰা নহয়, বৰং তেওঁলোকে যাতে যিকোনো পৰিস্থিতিতে কাম কৰিব পাৰে, তেনে এক পৰিৱেশ গঢ়ি তোলাতোহে প্ৰশাসনৰ দায়িত্ব- মঙলবাৰে এই কথা স্পষ্ট কৰি দিয়ে উচ্চতম ন্যায়ালয়ে।
কলকাতাৰ আৰ জি কৰ সম্পৰ্কীয় গোচৰৰ শুনানিকালত আবেদনকাৰীৰ হৈ এজন অধিবক্তাই মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন বিচাৰপীঠৰ সন্মুখত কয় যে, কৰ্মক্ষেত্ৰত মহিলা-যুৱতীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত পশ্চিম বংগ চৰকাৰে 'ৰাত্ৰিৰেৰ সতী’ নামৰ এক আঁচনি ঘোষণা কৰিছে।
কিন্তু লক্ষণীয় কথাটো হ’ল ৰাজ্য চৰকাৰৰ এই নিৰ্দেশনা অনুসৰি মহিলাসকলে যিমানদূৰ সম্ভৱ ১২ ঘণ্টাতকৈ অধিক সময় অবিৰতভাৱে কৰ্তব্যৰত হৈ থাকিব নালাগে আৰু তেওঁলোকৰ ৰাতিৰ কৰ্তব্যৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিব লাগে। ইয়াৰ পিছতে মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে ৰাজ্য চৰকাৰৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা কপিল ছিবালক প্ৰশ্ন কৰে যে, ‘এয়া কেনেকৈ হ’ব পাৰে?
মহিলাসকলে এনে ৰেহাই নিবিচাৰে। তেওঁলোকে সমান সুযোগ বিচাৰে। মহিলা চিকিৎসকে সকলো পৰিস্থিতিত কাম কৰিব বিচাৰে। সকলো পৰিস্থিতিত কাম কৰিব লাগে। ৰাজ্য চৰকাৰে এয়া নিশ্চিত কৰিব লাগিব।” দৰাচলতে ১৪ আগষ্টত আৰ জি কৰ কাণ্ডৰ আন্দোলনৰ সময়ত মহিলাসকলেহে প্ৰথম ৰাত্ৰি দখলৰ আহ্বান জনাইছিল। অৱশ্যে ইয়াত সকলো শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰিছিল। ইয়াৰ পিছতে স্বাস্থ্য সেৱা আৰু সামগ্ৰিক কৰ্মক্ষেত্ৰত মহিলা-যুৱতীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে গাইডলাইন জাৰি কৰে।
এই নিৰ্দেশনাত ৰাতিৰ সময়ত মহিলা-যুৱতীসকলক কৰ্তব্য প্ৰদান নকৰিবলৈ কোৱা হয়। ৰাজ্য চৰকাৰৰ এই নিৰ্দেশনাৰ পিছতে একাংশ মহিলা-যুৱতী আৰু সচেতন মহলে অসন্তুষ্টি প্ৰকাশ কৰে। এই প্ৰসংগত মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে পশ্চিম বংগ চৰকাৰক উদ্দেশ্যি কয়, ‘নিৰাপত্তা প্ৰদান কৰাটো আপোনালোকৰ দায়িত্ব।
মহিলাই ৰাতি কাম কৰিব নোৱাৰে বুলি ক'ব নোৱাৰে। বৰঞ্চ তেওঁলোকে যাতে যিকোনো পৰিস্থিতিত কাম কৰিব পাৰে, তাৰ প্ৰতিহে লক্ষ্য ৰাখক।’’ ইফালে ৰাজ্যৰ হৈ কপিল ছিবালে প্ৰথমে যুক্তি দিছিল যে ই এক অস্থায়ী বন্দোবস্ত। নিৰাপত্তাৰ ব্যৱস্থা চলি আছে। সেইটো সম্পূৰ্ণ হ’লে এনে নিৰ্দেশনাৰ প্ৰয়োজন নাথাকিব।
অৱশ্যে চি জে আইয়ে কয় যে য’ত মহিলাসকলে সমাজৰ সকলো খণ্ডতে পুৰুষৰ সমতুল্য কাম কৰি আছে, তেনে ক্ষেত্ৰত তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰা আৰু সমাজত কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰাটো প্ৰশাসনৰ দায়িত্ব। ন্যায়ালয়ে কয় যে চৰকাৰে মহিলাক পৃথক কৰিবলৈ ক’ব নোৱাৰে। আনহাতে কেৱল নিৰাপত্তাৰ খাতিৰত যাতে মহিলাৰ কামৰ পৰিসৰ ক’তো কমি নাযায়, তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ কয় মুখ্য ন্যায়াধীশে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us