/asomiyapratidin/media/media_files/2025/05/14/CYEkzE8yQiwmJOot9dvm.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ বাবে সমগ্ৰ ৰাজ্যতে বিজয়ী প্ৰাৰ্থীৰ মাজত উখল-মাখল পৰিৱেশে বিৰাজ কৰাৰ সময়তে ক্ৰুটিপূৰ্ণ পঞ্চায়ত নিৰ্বাচন চলোৱা কলিয়াবৰ সমজিলা প্ৰশাসনৰ বিৰুদ্ধে বুধবাৰে একাংশ ৰাইজ প্ৰতিবাদমুখৰ হৈ পৰে।
উল্লেখ্য যে, গণতান্ত্ৰিক ব্যৱস্থাৰ অতি স্পৰ্শকাতৰ হিচাপে বিবেচিত পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীক সমজিলা প্ৰশাসনে পৰাজিত হোৱা দেখুৱাই পৰাজিত প্ৰাৰ্থীক জয়লাভ কৰোৱাই প্ৰমানপত্ৰ দিয়াৰ বিৰুদ্ধে উঠিছে এই অভিযোগ।
লক্ষ্যণীয় যে, টুবুকীজাৰণি গাঁও পঞ্চায়তৰ ৪নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী বাপ্পী মণ্ডলৰ লগতে সমৰ্থক সকলে পুণৰ ভোট গণনা বিচাৰি কলিয়াবৰ সমজিলা কাৰ্য্যালয়ৰ সন্মুখত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। জানিব পৰা মতে নিৰ্দলীয় প্ৰাৰ্থী বাপ্পী মণ্ডলে লাভ কৰিছিল ১৫৪ টা ভোট।
ইয়াৰ বিপৰীতে প্ৰেমানন্দ তালুকদাৰে লাভ কৰিছিল ৮৯ টা ভোট। ১৫৪ টা ভোট লাভ কৰা বাপ্পী মণ্ডলক পৰাজিত দেখুৱাই ৮৯ টা ভোট লাভ কৰা প্ৰেমানন্দ তালুকদাৰক বিজয়ী হোৱা বুলি ঘোষণাৰ পাছতেই ক্ষোভিত হৈ পৰে বাপ্পী মণ্ডলৰ সমৰ্থক সকল।
পাছত প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও প্ৰতিবাদী জনতাই ন্যায় বিচাৰি পুনৰ গণনা কৰাৰ দাবী জনাই পৰিস্থিতি উতপ্ত কৰি তোলে। অৱশেষত প্ৰতিবাদী জনতাৰ ওচৰত সেও মানি কলিয়াবৰ সমজিলা প্ৰশাসনে বাপ্পী মণ্ডলক জয়ী হোৱা বুলি স্বীকৃতি দিবলৈ বাধ্য হয়।