/asomiyapratidin/media/media_files/2025/04/27/VxeaU0G4vnaGuh6Kpu3k.png)
ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দ্বাৰ শালনা আৰু আমবাগান জিলা পৰিষদ সমষ্টিত অগপ -বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থীৰ হৈ দেওবাৰে কলিয়াবৰত নিৰ্বাচনী প্ৰচাৰ চলালে সাংসদ কামাখ্যা প্ৰসাদ তাছাই।
দ্বাৰ শালনা জিলা পৰিষদ সমষ্টিৰ অগপ-বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী অনিল ঠাকুৰ আমবাগান জিলা পৰিষদ সমষ্টিৰ প্ৰাৰ্থী জয়শ্ৰী মণ্ডলৰ লগতে আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী অঞ্জুমা ৰজক, প্ৰদীপ কুমাৰ বৰা আৰু সন্তোস বিশ্বাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় সাংসদ গৰাকীয়ে।
অগপ-বিজেপি মিত্ৰ দলৰ বিষয়ববীয়া সকলৰ লগতে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা দুয়োটা দলৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই বিৰোধী কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে নিৰ্বাচনী প্ৰচাৰ সভাত।
ভাষন প্ৰসংগত সাংসদ গৰাকীয়ে কয়, বিৰোধী দিশহাৰা হৈছে,বিৰোধী ৰাইজৰ মাজত নাই। বিৰোধী কেৱল ফেচবুকতহে আছে। সেয়েহে বিৰোধীক লৈ বিজেপি দল ব্যস্ত থকা নাই ৷ লগতে সাংসদ কামাখ্যা প্ৰসাদ কংগ্ৰেছ দলটোহে বেয়া, কংগ্ৰেছত যে বেয়া মানুহ আছে সেইয়া নহয়।
কংগ্ৰেছ দলে কৰা ভুলৰ বাবে দলটোৱে অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগে বুলিও নিৰ্বাচনী সভাত ভাষণ ৰাখিলে সাংসদ গৰাকীয়ে। ইয়াৰোপৰি সাংসদ তাচাই চুকৰ ভেকুলীয়ে সাগৰ দেখিলে অলপ বলীয়া হ'ব বুলিও টিপ্পনী দিলে বিধায়ক অখিল গগৈক। Article 370 বিষয়টোনো কি সেইটোও অখিল গগৈয়ে নাজানে। সেয়েহে অখিল গগৈক Article 370 পঢ়িবলৈ আহ্বান জনালে সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷
উল্লেখ্য যে¸কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪ টাকৈ জিলা পৰিষদ সমষ্টিৰ ২ টা সমষ্টিৰ এটাত অগপ আৰু এটা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ উপৰিও কলিয়াবৰ আঞ্চলিক পঞ্চায়তৰ ৬ গৰাকী আৰু পশ্চিম কলিয়াবৰ আঞ্চলিক পঞ্চায়তৰ ৩ গৰাকী সৰ্বমুঠ ৯ গৰাকীকৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে।