কলিয়াবৰত একেটা ৱাৰ্ডত বিজেপিৰ ৩ সক্ৰিয় কৰ্মীৰ প্ৰতিদণ্ডিতা...

একেটা ৱাৰ্ডতে বিজেপিৰ একাধিক সক্ৰিয় কৰ্মীয়ে পৰস্পৰ প্ৰতিদ্বণ্ডিতা আগবঢ়োৱাত স্তম্ভিত হৈ পৰিছে স্থানীয় ভোটাৰ ৰাইজ। কলিয়াবৰৰ নিজ বৰভগীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ৭ নং বৰালীগাঁও-ৰৌমাৰী ৱাৰ্ডত দেখিবলৈ পোৱা গৈছে এনে ঘটনা।

author-image
Asomiya Pratidin
New Update
যোৰাবাটত গ্ৰেপ্তাৰ হ'ল জি পি এছ এছৰ সম্পাদক...

ডিজিটেল সংবাদ,কলিয়াবৰঃ  এইবাৰৰ পঞ্চায়ত নিৰ্বাচনে বাৰুকৈয়ে উদঙাইছে বিজেপিৰ দলীয় অনুশাসনহীনতা। গাঁওসভাৰ নিৰ্বাচনত দলীয় প্ৰতিদ্বণ্ডিতাৰ ব্যৱস্থা উঠাই দিয়াৰ সুযোগ লৈ একেখন গাঁৱতে পৰস্পৰ প্ৰতিদ্বণ্ডিতাত নামিছে বিজেপিৰ সক্ৰিয় কৰ্মী।

Advertisment

একেটা ৱাৰ্ডতে বিজেপিৰ একাধিক সক্ৰিয় কৰ্মীয়ে পৰস্পৰ প্ৰতিদ্বণ্ডিতা আগবঢ়োৱাত স্তম্ভিত হৈ পৰিছে স্থানীয় ভোটাৰ ৰাইজ। কলিয়াবৰৰ নিজ বৰভগীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ৭ নং বৰালীগাঁও-ৰৌমাৰী ৱাৰ্ডত দেখিবলৈ পোৱা গৈছে এনে ঘটনা।

ৱাৰ্ডটোত বিজেপি দলৰে তিনিগৰাকীকৈ সক্ৰিয় কৰ্মীয়ে পৰস্পৰ প্ৰতিদ্বণ্ডিতা আগবঢ়োৱাত বিবুদ্ধিত পৰিছে স্থানীয় ভোটাৰ ৰাইজ। উল্লেখ্য যে, আনুষ্ঠানিক ভাৱে নহ'লেও গণেশ প্ৰসাদ নামৰ যুৱক গৰাকীক দলে মনোনীত কৰি প্ৰক্ষেপ কৰিছিল ৱাৰ্ডটোত প্ৰতিদ্বণ্ডিতাৰ বাবে। কিন্তু দলৰ এই সিদ্ধান্ত অমান্য কৰি ৱাৰ্ডটোত গণেশ প্ৰসাদৰ বিৰুদ্ধে প্ৰতিদ্বণ্ডিতা আগবঢ়াই নিজ বৰভগীয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী পবিত্ৰা বৰাই।

ৰৈ নাথাকিল আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্য তথা বিজেপিৰ সক্ৰিয় কৰ্মী  দীপক চন্দ্ৰ দাসো। দলীয় নেতৃত্বৰ প্ৰতি বিষোদগাৰৰে দীপক দাসো থিয় হ'ল নিজৰ দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধেই। একেটা ৱাৰ্ডতে তিনিওগৰাকী সক্ৰিয় বিজেপি কৰ্মীয়ে প্ৰাৰ্থিত্ব আগবঢ়াই এতিয়া ভোট বিচাৰি চলাইছে প্ৰচাৰ। একেখন নিৰ্বাচনী সভাতে উপস্থিত হৈ আনকি তিনিওগৰাকী প্ৰাৰ্থীয়ে ৰাইজৰ ওচৰত কৰিছে ভোট ভিক্ষা।

 প্ৰতিগৰাকীৰে একেই কথা- ৰাইজে যাকে ভাল পায় তাকে নিৰ্বাচিত কৰিব। দলীয় এনে অনুশাসনহীনতাত বিব্ৰত হৈ পৰিছে নিষ্ঠাবান কৰ্মী ৷ পঞ্চায়ত নিৰ্বাচনত গাঁৱৰ ৰাজনীতিত এনে দৃশ্য দেখিও একপ্ৰকাৰ মৌন বিজেপিৰ নেতা।

নিজ দলতে প্ৰাৰ্থিত্বৰ বাবে এনে হেতাওপৰা দেখি এতিয়া "কোনেও কাৰো বিৰুধ কৰা নাই, নিজে জিকিবলৈহে প্ৰতিদ্বণ্ডিতা কৰিছে" বুলিহে মন্তব্য কৰিলে সাংসদ কামাখ্যা প্ৰসাদ তাছাই।

কলিয়াবৰ