কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনঃ আছু সমৰ্থিত প্ৰাৰ্থীৰ জয় লাভ

কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনঃ আছু সমৰ্থিত প্ৰাৰ্থীৰ জয় লাভ

author-image
Asomiya Pratidin
New Update
কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনঃ আছু সমৰ্থিত প্ৰাৰ্থীৰ জয় লাভ

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰ মহাবিদ্যালয় ২০২৪-২০২৫ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আছুৰ বৃহৎ জয় লাভ। উল্লেখ্য যে,শনিবাৰে ঘোষিত ফলাফলত আটাইকেইটা পদতে আছু সমৰ্থিত প্ৰাৰ্থীয়ে বৃহৎ জয় লাভ কৰি পূৰ্বৰ খ্যাতি ধৰি ৰাখিবলৈ সক্ষম হয়।

Advertisment

সভাপতি পদত মৃন্ময় তামুলী¸সাধাৰণ সম্পাদক পদত মলয় ৰঞ্জন বৰাৰ জয়লাভ কৰাৰ উপৰিও জয়লাভ কৰা বাকী সদস্য সকল হ'ল ক্ৰমে উপ সভাপতিৰ পদত আকাশ দ্বীপ চৌধুৰী, সহ সাধাৰণ সম্পাদক ঋষভ বৰা, আৰজু আহমদ, আনচাৰুল আলম, বিশাল শাণ্ডিল্য, জ্যোতিষ্ময় মহন্ত, মেঘৰাজ শৰ্মা, সৰুজনী বেপী , লক্ষী বৈশ্য, ৰাজেশ মণ্ডল, আৰু দিক্ষীত ডেকা।‌ আছুৰ জয় লাভৰ পাছতে ফটকা ফুটাই বৃহৎ ৰেলী বাহিৰ কৰি ছাত্ৰ-ছাত্ৰী সকলে আনন্দ উল্লাস কৰা পৰিলক্ষিত হয়।

Kaliyabar collage