/asomiyapratidin/media/media_files/2025/04/06/Fd29TSnNByVeylpbc3iq.jpg)
ডিজিটেল সংবাদ, মির্জা : অসমৰ শৈক্ষিক আৰু সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বিশিষ্ট শিক্ষাবিদ-সংগীতশিল্পী ড° অনিমা চৌধুৰীলৈ আগবঢ়োৱা হৈছে কালীন্দ্র নাথ ভট্টাচার্য সোঁৱৰণী বঁটা। তাতিবামা আঞ্চলিক কলা মন্দিৰৰ উদ্যোগত আয়োজিত ৰঙালী বিহু সম্মিলনে কৃতি শিক্ষক, সমাজকর্মী কালীন্দ্র নাথ ভট্টাচাৰ্যৰ পবিত্র স্মৃতিত এই বঁটা আগবঢ়াইছে।
/asomiyapratidin/media/media_files/2025/04/06/2FyEIDycN6heT2CdY8Rc.jpg)
অহা ১৬ এপ্রিলৰ সন্ধিয়া এক আড়ম্বৰপূর্ণ অনুষ্ঠানত বিশিষ্ট শিল্পীগৰাকীক এই বঁটা আনুষ্ঠানিকভাৱে প্রদান কৰা হ'ব। উদ্যোক্তাসকলে এক বিজ্ঞপ্তিযোগে জানিবলৈ দিয়া মতে, এই বৰ্ষৰ পৰা প্ৰতি বছৰে কৃতি শিক্ষকগৰাকীৰ পৱিত্ৰ স্মৃতিত অসমৰ সাহিত্য-সংস্কৃতি-শৈক্ষিক ক্ষেত্রখনলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা এগৰাকী বিশিষ্ট ব্যক্তিক এই বঁটা প্রদান কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us