চিনু কাকতি শইকীয়া
কবিতাৰ বা-লগা
মোৰ হৃদয়লৈ
এদুপ–দুদুপকৈ
আহি আছা
ঠন ঠনকৈ ভাগি যোৱা
আৱৰণৰ সকাহত
হৃদয়জোৰা শব্দবোৰে
সাৱটিব খুজিছে ।
বিশাল তোমাৰ হৃদয় কেনভাচখন
বাৰে বাৰে চুই চাওঁ
বাৰে বাৰে আঁকি যাওঁ
পোৱা নোপোৱাৰ ছবিবোৰ,
আঁৰে আঁৰে জুমি চাওঁ
হিচাবৰ ঠাইবোৰ।
মোৰ তুচ্চতাই
তোমাৰ উচ্চতাক
জুখিব পৰা নাই
ধৰিব পৰা নাই
কাষ চাপিব খুজিও
এআঙুল দুৰত্বতে
আজিও ।
ৰাখিবা মাথো মনত
কেৰ্কেটুৱাৰ মাত্ৰ
এটি বাঁহপাত ।