জখলাবন্ধাত স্মাৰ্ট পুলিচৰ নমুনাঃ ৰেহাই মূল্য়ত সুৰা নিদিয়া ব্যৱসায়ীক আটক কৰি ধন দাবী...

১০০ টকাত বিয়েৰ বটল নিদিয়াৰ বাবেই ২৪ ঘন্টা থানাত আবদ্ধ হৈ থাকিল সুৰা বিক্ৰেতা

author-image
Asomiya Pratidin
New Update
জখলাবন্ধাত স্মাৰ্ট পুলিচৰ নমুনাঃ ৰেহাই মূল্য়ত সুৰা নিদিয়া ব্যৱসায়ীক আটক কৰি ধন দাবী...

KOLIABOR

ডিজিটেল সংবাদ কলিয়াবৰঃ কলিয়াবৰৰ জখলাবন্ধাত এতিয়া স্মাৰ্ট পুলিচৰ নমুনাই ৰাইজক বেছ আমোদ দিয়া পৰিলক্ষিত হৈছে। ৰেহাই মূল্যত আৰক্ষীক সুৰা যোগান নধৰিলে সেই আৰক্ষীয়েই ব্যৱসায়ীক ধনদাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে।

Advertisment

উল্লেখ্য যে, জখলাবন্ধা আৰক্ষী থানা এলেকাধীন একাংশ হোটেল, ধাবা আৰু পান দোকানত অবৈধ ভাবে সুৰা বিক্ৰী কৰাৰ বাবে আৰক্ষীক সুৰা বিক্ৰেতাই নিয়মিত ভাবে ধন আদায় দিয়াৰ লগতে ৰেহাই মূল্যত বিলাতী সুৰা অথবা বিয়েৰ যোগান ধৰিব লাগে। তাকে নকৰিলে তেনেবোৰ সুৰা আৰক্ষীয়ে জব্দ কৰি ব্যৱসায়ীৰ পৰা আৰক্ষীয়েই ধন দাবী কৰা এক নতুন পৰম্পৰা আৰম্ভ হৈছে কলিয়াবৰত ।

জানিব পৰা মতে জনৈক বৰা উপাধিৰ এগৰাকী গৃহৰক্ষী জোৱানক এশ টকাত বিয়েৰ বটল নিদিয়াৰ বাবে গৃহৰক্ষী জোৱান জনে আৰক্ষীক লগত লৈ মানিক খান নামৰ যুৱ ব্যৱসায়ী জনক জখলাবন্ধা আৰক্ষীয়ে আটক কৰি থানাত ৰাখি ধন দাবী কৰে বুলি অভিযোগ উত্থাপিত হৈছে। আৰক্ষীক ৰেহাই মূল্যত সুৰা যোগান নধৰাৰ বাবেই এজন লোকক ২৪ ঘন্টা ধৰি আৱদ্ধ কৰি ৰখা কথাই বৰ্তমান সময়ত ব্যৱসায়িক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ৰাইজৰ অভিযোগ মতে মঙ্গলবাৰে সন্ধিয়া প্ৰায় পাঁচ মান বজাত জখলাবন্ধা আৰক্ষীয়ে অবৈধ বিলাতী সুৰাসহ আটক কৰা মানিক খান নামৰ ব্যৱসায়ী জনৰ বিৰুদ্ধে আৰক্ষীয়ে আইনগত ব্যৱস্থা নলৈ থানাত আটক কৰি ৰখা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আইনগত ভাবে আটকাধীন ব্যক্তি গৰাকীক আৱকাৰী বিভাগক গতাই দিব লাগে যদিও আৰক্ষীয়ে নিজৰ বাবে ১৫ হাজাৰ টকা আৰু সাংবাদিকৰ নামত পাঁচ হাজাৰ টকাৰ ধনদাবী কৰা বুলি অভিযোগ উঠিছে।

শেহতীয়াকৈ আজি জখলাবন্ধা আৰক্ষীয়ে আৱকাৰী বিভাগক খাতনি ধৰিছে ধৃত মানিক খানক ছমজি ল'বলৈ। আৱকাৰী বিভাগক নিদিষ্ট সময়ৰ ভিতৰত আৰক্ষীয়ে আটক কৰা লোক জনক চমজাই নিদিয়াৰ বাবে আৱকাৰী বিভাগ বিপদত পৰিছে ছমজি ল'বলৈ।

বাতৰি যুগুত কৰা সময়লৈকে আবকাৰী বিভাগক আৰক্ষীয়ে ধৃত লোক জনক চমজাই দিয়া নাই বুলি জানিব পৰা গৈছে। এতিয়া আৰক্ষীয়ে সঁচাই অবৈধ সুৰা ব্যৱসায়ীৰ সৈতে মিলি ভকত হৈ আছে নেকি বুলি কলিয়াবৰীয়া ৰাইজে উৰ্ধতন কৰ্তৃপক্ষক প্ৰশ্ন কৰা শুনা গ'ল। এই ক্ষেত্ৰত জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত ৰয়ক ঘটনাটোৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ বাকৰুদ্ধ হৈ পৰা ঘটনাই অধিক ৰহস্যৰ সৃষ্টি কৰিছে।

koliabor Assam police