/asomiyapratidin/media/media_files/2025/05/15/2RreX4zBzVLTiBX4Wioy.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰৰ সংবাদ সেৱী সকলৰ অন্যতম অনুষ্ঠান 'কলিয়াবৰ প্ৰেছ ক্লাব'ৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু একাদশ দ্বি বাৰ্ষিক অধিবেশন খনি অহা ১৭আৰু ১৮ জুলাইত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে এখনি আদৰণি সমিতি গঠন কৰা হয়।
কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তৰুণ মুক্তিয়াৰৰ সভাপতিত্বত প্ৰেছ ক্লাবত অনুষ্ঠিত ৰাজহুৱা সভা খনিত বিশিষ্ট সাংস্কৃতিক কর্মী হিৰু প্ৰসাদ মহন্ত, ত্ৰিবেণী কাননৰ সভাপতি দিলীপ কুমাৰ বৰদলৈ, জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কলিয়াবৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দ্বয় বন্তি দেৱী, সঞ্জীৱ কুমাৰ হাজৰিকাকে প্ৰমূখ্য কৰি উপস্থিত ভালে কেইজন লোকে পৰামৰ্শ আগবঢ়ায় ।
সভাই চলিত বৰ্ষৰ পৰা প্ৰতি দুবছৰৰ মূৰে মূৰে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে একোজনকৈ ব্যক্তিক বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি চলিত বৰ্ষত প্ৰথম বাৰৰ বাবে কলিয়াবৰৰ সু সন্তান বিশিষ্ট সাহিত্যিক সমালোচক উপেন্দ্ৰ বৰকটকীক প্ৰদান কৰা হ'ব টুন ৰুং ডাম বঁটা ।
সম্পাদক গৌতম কুমাৰ বৰাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনিত স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তক মুখ্য পৃষ্ঠপোষক সাংসদ কামাখ্যা প্ৰসাদ তাছা, চামগুৰি সমষ্টিৰ বিধায়ক দিপ্লু ৰঞ্জন শৰ্মাক পৃষ্ঠপোষক, বিপুল হাজৰিকাক সভাপতি, গৌতম কুমাৰ বৰাক প্ৰধান সম্পাদক, গোলাপ শইকীয়া, অচ্যুত শইকীয়াক সম্পাদক, হিচাপে লৈ কেইবাখনো উপ সমিতি গঠনেৰে এখনি আদৰণি সমিতি গঠন কৰা হয় ।
সভাত নবীন বৰঠাকুৰক সভাপতি আৰু তপন শইকীয়াক সম্পাদক হিচাপে লৈ এখনি স্মৃতিগ্রন্থ প্ৰকাশৰো সিদ্ধান্ত লোৱা হয়। প্ৰেছ ক্লাবৰ উপদেষ্টা ডিম্বেশ্বৰ হাজৰিকা আৰু প্ৰাক্তন সভাপতি তপন শইকীয়াৰ উপস্থিতিত অনুষ্ঠিত সভা খনিত প্ৰৱীন খাউণ্ড, পুষ্পেন্দ্ৰ শইকীয়া, অজিত ভাগৱতী, হেমন্ত কুমাৰ বৰা,সংগীতা পূজাৰী, নমিতা হাজৰিকা, নৱনীতা শইকীয়া, সৌৰভ বৰঠাকুৰ, মনিতা ৰায়, দুলাল বৰা, বসন্ত দাস আদিয়ে ভাষণ দিয়ে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us