/asomiyapratidin/media/media_files/2025/07/18/cxcxcxcxc-2025-07-18-21-52-30.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ মধ্য অসমৰ অন্যতম শক্তিশালী সাংবাদিকৰ সংগঠন কলিয়াবৰ প্ৰেছ ক্লাৱৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু একাদশ দ্বি- বাৰ্ষিক অধিবেশনৰ শুকুৰবাৰে সামৰণি পৰে। বৃহস্পতিবাৰৰ পৰা জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত অধিবেশনৰ শুকুৰবাৰৰ দ্বিতীয় দিনা মুকলি সভা অনুষ্ঠিত হয়।
কলিয়াবৰ প্ৰেছ ক্লাৱৰ সভাপতি তৰুণ মুক্তিয়াৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্ধোধন কৰি দিয়া ভাষণত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উল্লেখ কৰে যে, 'সাংবাদিকসকল সমাজৰ একো একোজন নিষ্ঠাবান সৈনিক। সাংবাদিক সকলে সমাজখনক সঠিকভাবে আগুৱাই নিয়াত ব্ৰতী হোৱা উচিত।'
ইফালে, সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড:শৰৎ বৰকটকীয়ে কয় যে, 'সম্প্ৰতি সমগ্ৰ বিশ্বত ছপা মাধ্যমৰ বাতৰি কাকতৰ পাঠকৰ সংখ্যা কমিছে। বিশেষকৈ বাতৰি কাকতৰ প্ৰতি যুৱ চামৰ আকৰ্ষণ কমিব ধৰিছে। বহু পাঠকে অনলাইন বাতৰি কাকত পঢ়িবলৈ বেছি পচন্দ কৰে। কভিদ মহামাৰীৰ পিছত অসমত বাতৰি কাকতৰ সংখ্যা হ্ৰাস পোৱাৰ কথা উল্লেখ কৰি ড: বৰকটকীয়ে কয় ই উদ্বেগৰ বিষয়।'
একেদৰে, সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপিকা ড০ ভাৰতী ভড়ালীয়ে ৰামায়ণ, মহাভাৰতৰ দিনৰ লগতে নাৰদ মুনিৰ সাংবাদিকতাৰ প্ৰসঙ্গ উল্লেখ কৰি কয় যে, 'এসময়ত সাংবাদিকতা সেৱা আছিল। বৰ্তমান বৃত্তিলৈ ৰূপান্তৰিত হৈছে সাংবাদিকতা। সেয়েহে ইয়াতো বৃত্তিগত দায়বদ্ধতা আহি পৰে। সাংবাদিকৰ আৰ্থিক নিৰাপত্তা নাই' বুলি উল্লেখ কৰি ড:ভড়ালীয়ে কয় যে, 'ডিজিটেল সংস্কৰণৰ চাহিদা বঢ়া আৰু ৰাজহ হ্ৰাস হোৱাৰ লগে লগে সংবাদ মাধ্যম সমুহ প্ৰত্যাহ্বানৰ সন্মূখীন হৈছে। সংবাদ মাধ্যমৰ ওপৰত আস্থা ৰাখিও কব লাগিব তেওঁলোকে কোৱা বিষয় সঠিক ভাবে বিশ্লেষণ কৰিব লাগিব। নহলে জনসাধাৰণ বিভ্ৰান্ত হব আৰু মহাভাৰতৰ দ্ৰোণাচাৰ্যৰ দৰে অৱস্থা হ'ব।'
আনহাতে, কলিয়াবৰ প্ৰেছ ক্লাৱৰ সম্পাদক গৌতম বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত কলিয়াবৰ প্ৰেছ ক্লাবে প্ৰথম বাৰৰ বাবে প্ৰৱৰ্তন কৰা ' টুন্- ৰুং- ডাম্" বঁটা প্ৰদান কৰা হয় বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, সাংবাদিক উপেন্দ্ৰ বৰকটকীক। এই বঁটাত আছে গামোছা, চেলেং, স্মাৰক, মানপত্ৰ। অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি বিপুল হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰা সভাত স্মৃতিগ্ৰন্থ 'টুন্- ৰুং- ডাম্' উন্মোচন কৰি বিশিষ্ট সাংবাদিক কনক হাজৰিকাই কয় যে স্মৃতিগ্ৰন্থই একোটা অনুষ্ঠানৰ ইতিহাস সজীৱ কৰি ৰাখে।
সভাত কলিয়াবৰ সম জিলাৰ আয়ুক্ত ৰাজ বৰুৱা, শিক্ষাবিদ শিৱৰঞ্জন মহন্ত, নগাঁও জিলা জন-সংযোগ বিষয়া মন্দিৰা চায়েঙীয়া, কলিয়াবৰ সমজিলাৰ আৰক্ষী বিষয়া বিপুল চেতিয়া, কলিয়াবৰৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শিল্পা দত্তই অংশগ্ৰহণ কৰে। এই সভাতেই বৃহস্পতিবাৰে অনুস্থিত হোৱা বাতৰি লিখা আৰু বক্তৃতা প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা প্ৰদান কৰা হয়। সভাৰ আৰম্ভণিতে সমবেত সংগীত আৰু সভাৰ মাজত নৃত্য-গীত আদি পৰিৱেশন কৰা হয়।
ইফালে, বৃহস্পতিবাৰে পুৱা পতাকা উত্তোলনেৰে প্ৰেছ ক্লাৱৰ সভাপতি তৰুণ মুক্তিয়াৰে অধিৱেশনৰ শুভাৰম্ভ কৰে। স্মৃতি তৰ্পন অনুষ্ঠান মুকলি কৰে আদৰণি সমিতিৰ সভাপতি বিপুল হাজৰিকাই। ইয়াৰ পিছতে ছাত্ৰ- ছাত্ৰী সকলৰ মাজত বাতৰি লিখা আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। লগতে কলিয়াবৰ প্ৰেছ ক্লাৱত স্থাপন কৰা এটি ক্ষুদ্ৰ পুথিভঁৰাল উদ্ধোধন কৰে কলিয়াবৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সঞ্জীৱ হাজৰিকাই। এই অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী কেশৱ মহন্তই শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে।