জখলাবন্ধাত কলিয়াবৰ ফ’ৰলেন দাবী সমিতিৰ সংবাদমেল
ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধা হৈ নুমলীগড়লৈকে প্ৰস্তাৱিত চাৰিশৰনীয়া ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান সন্দৰ্ভত ’নাইট কুইন’ হিচাপে খ্যাত জখলাবন্ধা নগৰীক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা নেতিবাচক বক্তব্যৰ প্ৰতি বৃহস্পতিবাৰে সন্ধিয়া জখলাবন্ধা নগৰীৰ মাজমজিয়াত আয়োজিত এখন সংবাদ মেলত তীৰ্যক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কলিয়াবৰ ফ’ৰলেন দাবী সমিতিৰ বিষয়বৱীয়াৰ লগতে স্থানীয় বিভিন্ন জাতীয় সংগঠনৰ প্ৰতিনিধিবৰ্গই ৷ জখলাবন্ধাত ফʼৰলেন নিৰ্মাণৰ বাবে ৰাজহুৱা শুনানি হ'লেই নহ'ব ৰাইজৰ মতামতো লাগিব। যদি জখলাবন্ধা মাজেৰে এলিভেটেড কৰিডৰ হয় তেনেহলে ফʼৰলেনৰ দৰকাৰ নাই। মানুহৰ মাটি বাৰি এনেই যাব। জখলাবন্ধাৰ ব্যবসায় বানিজ্যও কমি আহিছে। আৰু যদি মাটিবাৰি যায় তেতিয়া হ'লে সমস্যাই হ'ব। -কলিয়াবৰত বুধবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিয়া এই মন্তব্যৰ পিছতেই কলিয়াবৰৰ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।
এই সন্দৰ্ভত ফ'ৰলেন দাবী সমিতিয়ে আয়োজন কৰা এক সংবাদ মেলত জখলাবন্ধাৰ মাজেৰেই ফ'ৰলেন ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ এই মন্তব্য নৎসাত কৰি ২০২৩ চনৰ ২৩ জুন তাৰিখে হাটবৰ কেন্দ্ৰীয় নাট সমাজ ভৱনত অনুষ্ঠিত ৰাজহুৱা শুনানিৰ কাৰ্যক্ৰমণিকা পাঠ কৰি কলিয়াবৰৰ ৰাইজ, দল-সংগঠন তথা জখলাবন্ধাৰ ব্যৱসায়ীসকলৰ মতামতৰ বিষয়ে অৱগত কৰি ৰাইজৰ মতামতৰ প্ৰতি সন্মান জনাবলৈ আহ্বান জনাই ফ'ৰলেন দাবী সমিতিৰ বিষয়ববীয়াই। জখলাবন্ধাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ লগতে ইয়াত জড়িত অনান্য লোকসকলৰ জীৱিকাৰ পথ নোহোৱা কৰিবলৈ চৰকাৰী পক্ষই কৰা ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা কৰি উক্ত শুনানীত উপস্থিত হৈ স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই ৰাইজৰ লগত থকাৰ প্ৰতিশ্ৰুতিৰ প্ৰসংগও সংবাদমেলত উত্থাপন কৰে দাবী সমিতিয়ে।
তদুপৰি, জখলাবন্ধাৰ পৰিৱৰ্তে প্ৰস্তাৱিত পথটোৱে কৃষকৰ লগতে চাহ বাগিচাৰ চাহ-শ্ৰমিকসকলৰো প্ৰচুৰ ক্ষতি কৰিব। সেয়ে, সামগ্ৰিকভাৱে, কলিয়াবৰৰ সকলো স্তৰৰে ক্ষতি হ'ব পৰা কাৰ্যৰ পৰা বিভাগীয় কৰ্তৃপক্ষ আৰু মুখ্যমন্ত্ৰীক আঁতৰি থাকিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে, সংবাদমেলখনত উপস্থিত সকলো জাতীয় সংগঠনৰ প্ৰতিনিধিবৰ্গৰ লগতে স্থানীয় ৰাইজে সমস্বৰে কলিয়াবৰ তিনিআলিৰ পৰা নুমলিগড়লৈকে জখলাবন্ধাৰ মাজৰে ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দাৱী উত্থাপন কৰে ৷
দৰাচলতে কুঁৱৰীটোল, চতিয়াল, বৰুৱাচুক, হাটবৰ সৰুভগীয়া জখলাবন্ধা আৰু বাঘজন অঞ্চলক একাষৰীয়া কৰি অন্যদিশৰে ফৰলেন নিৰ্মাণ কৰা হ'ব বুলি প্ৰচাৰ হোৱাৰ লগে লগে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে কলিয়াবৰত। কলিয়াবৰ তিনিআলিৰ পৰা প্ৰস্তাৱিত ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটি বিকল্প পথেৰে কলিয়াবৰ তিনিআলিৰ উৰণীয়া সেতু অতিক্ৰম কৰি দক্ষিণ দিশেৰে বাইপাছ কৰি বৃহত্তৰ কৃষিভূমি নষ্ট কৰাৰ লগতে চাহ বাগিছা উচ্ছেদ কৰি ফ'ৰলেন নিৰ্মাণ কৰাৰ বিৰোধিতা কৰিছে কলিয়াবৰবাসীৰ লগতে স্থানীয় বিভিন্ন দল সংগঠন সমূহে।
কলিয়াবৰ তিনিআলিৰ উৰণীয়া সেতু অতিক্ৰম কৰি দক্ষিণ দিশেৰে দাৰিগজী, দলগাওঁ , জাওকটা, চিকনি হৈ ৰাঙলুলৈকে বাইপাছ কৰি ফৰলেন নিৰ্মাণৰ বিৰোধিতাৰে সম্প্ৰতি কলিয়াবৰৰ ৰাজপথত এখন যুঁজ চলি থকাৰ সমান্তৰালকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৩৮/২০২৪ নম্বৰত এটা পি আই এল গোচৰ তৰিচে কলিয়াবৰৰ ৬৫গৰাকী বিশিষ্ট নাগৰিকে। ইয়াৰ সমান্তৰালকৈ ফ'ৰলেন দাবী সমিতিৰ উদ্যোগত বিভিন্ন জাতীয় দল সংগঠনৰ সহযোগত ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰা হৈছে জখলাবন্ধাৰ মাজৰে ফৰলেন নিৰ্মাণৰ দাবীত।
আনহাতে কলিয়াবৰ তিনিআলিৰ পৰা নুমলrগড়লৈকে নিৰ্মাণ হ'ব লগা ফ'ৰলেনৰ ভিতৰত আছে ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা এলিভেটেড কৰিড'ৰ। বুঢ়া পাহাৰ আৰু বোকাখাতৰ মাজত থকা ৯ টাকৈ এনিমেল কৰিড'ৰত ৬ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব লগা এলিভেডেট কৰিড'ৰটোৱেই হ'ব ৭১৫ নং ফ'ৰলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ। এতিয়া প্ৰশ্ন হ'ল কাৰ স্বাৰ্থত জখলাবন্ধা অঞ্চলক একাষৰীয়া কৰি কলিয়াবৰ তিনিআলিৰ পৰা উত্তৰ দিশে অৰ্থাৎ জখলাবন্ধাহৈ ফ'ৰলেন নিৰ্মাণ নকৰি কলিয়াবৰ তিনিআলিৰ উৰণীয়া সেতু পাৰ হৈ কলিয়াবৰ তিনিআলিৰ দক্ষিণ দিশেৰে ফ'ৰলেনৰ জৰীপৰ কাম হাতত লৈছে সংশ্লিষ্ট কতৃপক্ষই।
ফ'ৰলেন নিৰ্মাণৰ এই গভীৰ ষড়যন্ত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা জড়িত থকা বুলিও সময়ে সময়ে অভিযোগ উত্থাপিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী মালিকানাধীন প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট নামৰ প্ৰতিষ্ঠানটোৱে কলিয়াবৰ তিনিআলিৰ দক্ষিণ দিশে কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দাৰিগজী কিচামতত ক্ৰয় কৰা শতাধিক বিঘা মাটিৰ কাষেৰে ফ'ৰলেনৰ বাইপাছ নিৰ্মাণৰ ঘোৰ বিৰোধিতা কৰিছে চাহ শ্ৰমিক সকলে। চিকনি চাহ বাগিছাৰ প্ৰায় ২০০ বিঘাৰ চাহখেতি উচ্ছেদ কৰি ফ'ৰলেন নিৰ্মাণ কৰিলে পৰিণতি ভয়াবহ হ'ব বুলি সকিয়াই দিছে বাগিছাৰ শ্ৰমিকে।
লিমকা বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰা “নাইট কুইন’ জখলাবন্ধাৰ মাজৰে ফ'ৰলেন নিৰ্মাণ কৰা নহ'লে ভৱিষ্যতে ব্যৱসায়িক চহৰ জখলাবন্ধা এৰাবাৰীত পৰিণত হ'ব বুলিও এতিয়া শংকা কৰিছে কলিয়াবৰবাসীয়ে। পৰিণতিত প্ৰায় কেইবা সহস্ৰাধিক পৰিয়ালৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ'ব। সেয়েহে জখলাবন্ধাৰ মাজেদি ফ'ৰলেনৰ জৰীপৰ কাম আৰম্ভ কৰিবলৈ ১৫ আগষ্ট তাৰিখটো অন্তীম সময়সীমা বান্ধি দিয়ে ফ'ৰলেন দাবী সমিতিয়ে।