/asomiyapratidin/media/media_files/2025/04/18/Epqbh6J6qLt1XNVzdo96.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰঃ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত কলিয়াবৰৰ ৩ কংগ্ৰেছীক দলৰ পৰা বহিষ্কাৰ কৰা বিষয়টোৱে সাম্প্ৰতিক সময়ত বিশেষ চৰ্চা লাভ কৰিছে। দল বিৰোধী কাৰ্যকলাপত জৰিত থকাৰ অভিযোগত প্ৰদেশ কংগ্ৰেছৰ সদস্য প্ৰদীপ বৰুৱাৰ লগতে জিলা পৰিষদৰ দুগৰাকী প্ৰাৰ্থীকো বহিষ্কাৰ কৰিছে কংগ্ৰেছ দলে।
প্ৰাৰ্থী দুগৰাকী হৈছে ৰীতামনি কলিতা আৰু যশোৱন্ত লাল চৌহান। উল্লেখ্য যে,কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ১০ নং চতিয়াল-পূৱথৰীয়া আৰু ১১ নং দ্বাৰ বাগৰি জিলা পৰিষদ সমষ্টিৰ কংগ্ৰেছ দলৰ দুগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাকলৈ কংগ্ৰেছ দলত তুমুল প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।
শুকুৰবাৰে এই সন্দৰ্ভত এখনি সংবাদ মেল সম্বোধন কৰি জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াই কংগ্ৰেছ দলটোক প্ৰতাৰণা কৰা দুয়ো গৰাকী প্ৰাৰ্থীকে দলৰ পৰা বহিষ্কাৰ কৰা কথা সদৰি কৰে। জিলা সভাপতি গৰাকীয়ে লগতে ১০ নং চতিয়াল-পূৱথৰীয়া জিলা পৰিষদ সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ৰীতা মনি কলিতা আৰু ১১ নং দ্বাৰ বাগৰি জিলা পৰিষদ সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী যশোৱন্ত লাল চৌহানে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনটোত নিজৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাক লৈ শাষকীয় মিত্ৰজোঁট অগপ আৰু বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ কৰে ।
দুয়োকে দল বিৰোধী কাৰ্যকলাপৰ অপৰাধত ৬ বছৰৰ বাবে দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে। অগপ-বিজেপি দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ মাজত সৃষ্টি হোৱা সংঘাতৰ বাবে প্ৰত্যক্ষ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অগপ-বিজেপি মিত্ৰ জোঁটে ভয় কৰা বুলি জিলা কংগ্ৰেছৰ সভাপতি গৰাকীয়ে অভিযোগ কৰে।
ক্ষমতাৰ খকে ধৰা বিজেপিৰ শীৰ্ষ পৰ্যায়ৰ নেতা কৰুনা কুমাৰ ভূঞাই পত্নী জবা মনি ভূঞাক জালিয়াতিৰে মনোনয়ন পত্ৰ দাখিল কৰোৱা কাৰ্যই বিজেপিক অস্বস্তিত পেলোৱা বুলিও তেওঁ অভিযোগ কৰে। উল্লেখযোগ্য যে, ২০১৭ আৰু ২০২৪ চনত হাতীমূৰা মথাউৰি চিঙি কলিয়াবৰত সৃষ্টি কৰা প্ৰৱল বানত ক্ষতিগ্ৰস্ত পৰিয়ালে প্ৰাপ্য সাহায্যৰ পৰা বঞ্চিত হৈ চৰকাৰী কাৰ্যালয় ঘেৰাও কৰে।
লগতে ৰাজপথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলাৰ পাছত জনতাৰ ভোট বিচাৰি যাবলৈ অগপ-বিজেপিৰ সাহস নথকাৰ বাবেই প্ৰত্যক্ষ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বলৈ ভয় কৰা বুলি বিস্ফোৰক অভিযোগ উত্থাপিত কৰিলে কংগ্ৰেছ দলে।
কলিয়াবৰ ব্লক কংগ্ৰেছ দলৰ সভাপতি ৰাজীৱ বৰুৱাই আঁত ধৰা সংবাদ মেল খনতে দীৰ্ঘদিন ধৰি প্ৰদেশ কংগ্ৰেছত নিষ্ক্ৰিয় হৈ থাকি দলীয় অনুশাসন ভংগ কৰাৰ অপৰাধত প্ৰদেশ কংগ্ৰেছৰ সদস্য প্ৰদীপ বৰুৱাক বহিষ্কাৰ কৰা বুলি নগাঁও জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াই সদৰী কৰে ৷