উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মাজতে প্ৰথম কলিয়াবৰ গ্ৰন্থ মেলাৰ আয়োজন...

কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কেইশ মিটাৰ মান দূৰৈত আয়োজন কৰা কলিয়াবৰ গ্ৰন্থ মেলাক লৈ স্থানীয় একাংশ সচেতন ব্যক্তি আৰু অভিভাৱক কিছু অস্বস্তিত পৰিছে। কিয়নো ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ মাৰ্চলৈ অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা।

author-image
Asomiya Pratidin
New Update
hjjj

ডিজিটেল সংবাদ,কলিয়াবৰঃ  প্ৰজন্ম কলিয়াবৰ উদ্যোগ আৰু কলিয়াবৰবাসীৰ সহযোগত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে কলিয়াবৰ গ্ৰন্থ মেলা। ১১ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ ৬ দিনীয়া কাৰ্যসূচীৰে কলিয়াবৰৰ কুৱৰীটোলৰ গান্ধী খেল পথাৰত অনুষ্ঠিত এই গ্ৰন্থ মেলাত আছে বিভিন্ন আলোচনা চক্ৰ আৰু সাংস্কৃতিক অনুষ্ঠান।

Advertisment

১২ ফেব্ৰুৱাৰী ২০২৫ ত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিজ্ঞানৰ আৰ্হি প্ৰতিযোগিতা, শিশু সন্মিলন আয়োজন কৰা হয়। শিশু সন্মিলনত মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছে ডা. অঞ্জনজ্যোতি চৌধুৰী। বিয়লী ভাগলৈ কবিতা আবৃত্তি,গ্ৰন্থ উন্মোচন আদি অনুষ্ঠানৰ কাৰ্যসূচী আছে।

১৬ ফেব্ৰুৱাৰীলৈ চলিব লগা এই গ্ৰন্থ মেলাত মাতৃ ভাষা সন্মিলন,সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা আদি আয়োজন কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উপল শৰ্মা,অসম লোকসেৱা আয়োগৰ অধ্যক্ষ দেৱৰাজ উপাধ্যায়, বিশিষ্ট লেখক ৰঞ্জু হাজৰিকা, প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, চামগুৰিৰ বিধায়ক দিপ্লু ৰঞ্জন শৰ্মা আদিয়ে এই গ্ৰন্থ মেলাৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কেইশ মিটাৰ মান দূৰৈত আয়োজন কৰা এই অনুষ্ঠানক লৈ স্থানীয় একাংশ সচেতন ব্যক্তি আৰু অভিভাৱক কিছু অস্বস্তিত পৰিছে। কিয়নো ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ মাৰ্চলৈ অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা।

এই পৰীক্ষা অনুষ্ঠিত হৈ থকা সময়ত গ্ৰন্থ মেলাস্থলীত বজোৱা মাইকৰ শব্দই ছাত্ৰ-ছাত্ৰী সকলৰ অসুবিধাত পেলোৱাৰ সম্ভাৱনা আছে। সেয়েহে সচেতন অভিভাৱক তথা নাগৰিক সকলে পৰীক্ষাৰ সময়ছোৱাত গ্ৰন্থ মেলাস্থলীত মাইক ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ উদ্যোক্তা সকলক আহ্বান জনাইছে।

গ্ৰন্থ মেলা