/asomiyapratidin/media/media_files/2025/04/13/5BZ2ZrvaAucbRFka3Qpd.jpg)
বিজেপি নেতা আৰু পত্নী
ডিজিটেল সংবাদ, কলিয়াবৰঃ ক্ষমতাৰ খকত মিথ্যাচাৰেৰে জালিয়াতিৰ আশ্ৰয় লৈ পত্নীক জনপ্ৰতিনিধি বনোৱাৰ কুজকাৱাজ চলোৱা এগৰাকী বিজেপি নেতাৰ কৰ্মক লৈ সম্প্ৰতি কলিয়াবৰত ব্যাপক চৰ্চা চলিছে ৷ সুদীৰ্ঘ বছৰে কষ্টোপাৰ্জিত মান-সন্মান নিমিষতে জলাঞ্জলি দি মাথো পত্নীক ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰতিষ্ঠা কৰিবলৈকে শিক্ষাগত অৰ্হতাৰ ভুৱা প্ৰমাণ পত্ৰ দাখিলেৰে ৰাজ্যিক বিজেপিৰ বিষয়বৱীয়া কৰুণা কুমাৰ ভূঞাই পঞ্চায়ত নিৰ্বাচনত মনোনয়ন পত্ৰ দাখিল কৰোৱা কাৰ্যই বৰ্তমান সময়ত কলিয়াবৰ জিলা বিজেপিকো অস্বস্তিত পেলোৱা পৰিলক্ষিত হৈছে। এগৰাকী তথাকথিত সচেতন ৰাজনৈতিক ব্যক্তিৰ পৰা কেতিয়াও আশা নকৰা এনে নাভূত-নাশ্ৰুত আপত্তিজনক কৰ্মকাণ্ডৰ বিৰুদ্ধে সামাজিক মাধ্যমৰ জৰিয়তে সৰব হোৱা দেখা গৈছে সচেতন মহলক ৷
কলিয়াবৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি কৰুণা কুমাৰ ভূঞাৰ পত্নীয়ে মনোনয়ন পত্ৰ পৰীক্ষাৰ সময়ত দাখিল কৰিব নোৱাৰিলে শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ। উল্লেখযোগ্য যে, কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মাজ-পূৱথৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯ নম্বৰ নলতলি প্ৰথম খণ্ডৰ গাঁও পঞ্চায়ত সদস্যৰ পদৰ প্ৰাৰ্থী জবা মনি ভূঞাই মনোনয়ন পত্ৰ দাখিলৰ সময়ত মনোনয়ন পত্ৰৰ লগত দাখিল কৰা শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ ভুৱা বুলি অভিযোগ উঠাৰ পিছত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কলিয়াবৰত। শুকুৰবাৰে প্ৰাৰ্থী গৰাকীয়ে দাখিল কৰা মনোনয়ন পত্ৰ শনিবাৰে মনোনয়ন পত্ৰ পৰীক্ষাৰ সময়ত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য।
গাঁও পঞ্চায়তৰ সভাপতি আসন খনত নিজ পত্নীক অলংকৃত কৰিবলৈ অপচেষ্টা চলোৱা ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া তথা কলিয়াবৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি কৰুণা কুমাৰ ভূঞাৰ কু-কৰ্মই ইতিমধ্যে তীব্ৰ জোঁকাৰণিৰ সৃষ্টি কৰিছে কলিয়াবৰৰ বিজেপি শিৱিৰত। কৰুণা কুমাৰ ভূঞাৰ পত্নী জবা মনি ভূঞাই শুকুৰবাৰে দাখিল কৰা মনোনয়ন পত্ৰত শিক্ষাগত অৰ্হতাৰ কথা উল্লেখ কৰা নাছিল। কুঁৱৰীটোল হাইস্কুলৰ এগৰাকী ছাত্ৰী হিচাপে নৱম শ্ৰেনীৰ পৰা দশম শ্ৰেণীলৈ উত্তীৰ্ণ বুলি বিদ্যালয় সলনি (School Transfer Certificate)ৰ এখন ফটোকপি প্ৰমাণ পত্ৰ দাখিল কৰিছিল প্ৰাৰ্থী গৰাকীয়ে। তাৰোপৰি, এখন শপত নামা দাখিল কৰিছিল জবা মনি ভূঞাই। যিখন শপত নামাত উল্লেখ কৰা হৈছিল যে, জবা মনি ভূঞাই উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ বুলি। শনিবাৰে কলিয়াবৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত মনোনয়ন পত্ৰ পৰীক্ষাৰ সময়ত প্ৰাৰ্থী গৰাকীয়ে শিক্ষাগত অৰ্হতাৰ কোনো ধৰণৰ অৰিজিনেল চাৰ্টিফিকেট দেখুৱাব নোৱাৰাত বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে কলিয়াবৰত।
বিজেপি দলৰ এগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতাৰ পত্নীয়ে মনোনয়ন পত্ৰ দাখিলৰ সময়ত দাখিল কৰা নাছিল জাতিগত প্ৰমাণ পত্ৰ। গাঁও পঞ্চায়তৰ সদস্য পদৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ নূন্যতম শিক্ষাগত অৰ্হতা দশম শ্ৰেনী উত্তীৰ্ণ হ'ব লাগিব বুলি নিৰ্দেশনা আছিল আৰু যদিহে প্ৰাৰ্থী গৰাকী অনুসূচিত জাতি, অনুসূচীত জনজাতি অথবা অন্যান্য পিছপৰা জাতিৰ হয় তেনে হ'লে প্ৰাৰ্থী গৰাকী দশম শ্ৰেনী পৰ্যন্ত পঢ়া হ'ব লাগিব বুলি নিৰ্দেশনা আছিল। জবা মনি ভূঞা যিহেতু সাধাৰণ শ্ৰেণীৰ হয় সেয়েহে দশম শ্ৰেনী উত্তীৰ্ণ হোৱাতো বাধ্যতামূলক আছিল প্ৰাৰ্থীগৰাকীৰ।
ইফালে, জবা মনি ভূঞাৰ ভাষ্য ল'বলৈ দিনৰ ১০ মান বজাৰ পৰা মনোনয়ন পত্ৰ পৰীক্ষাগৃহৰ সন্মুখত সাংবাদিকে খাপ দি থকাৰ খবৰ পাই প্ৰাৰ্থী জবা মনি ভূঞাই আত্মগোপন কৰি বিয়লি ৫ বাজি ২০ মিনিটত উপস্থিত হৈছিল মনোনয়ন পত্ৰ পৰীক্ষাগৃহত। মনোনয়ন পত্ৰ পৰীক্ষাৰ সময়ত প্ৰাৰ্থী জবা মনি ভূঞাই নিজৰ শিক্ষাগত অৰ্হতাৰ কোনো অৰিজিনেল চাৰ্টিফিকেট প্ৰদৰ্শন কৰিব নোৱাৰি সকলো নথি-পত্ৰ হেৰাল বুলি কৈ ওলায় আহিছিল প্ৰাৰ্থী জবা মনি ভূঞা। যাৰবাবে জবা মনি ভূঞাৰ মনোনয়ন পত্ৰ বৈধ নে নাকচ কৰা হ'ব সেই সন্দৰ্ভত শনিবাৰে নিশা পৰ্যন্ত সিদ্ধান্ত ল'ব নোৱাৰিলে মনোনয়ন পত্ৰ পৰীক্ষাৰ দায়িত্বত থকা বিষয়াগৰাকীয়ে। বিজেপি নেতা কৰুণা কুমাৰ ভূঞাই পত্নীক জালিয়াতিৰে গাঁও পঞ্চায়তৰ সভাপতি পাতিবলৈ গৈ খাল খান্দি ঘৰিয়াল চপালে বুলি সামাজিক মাধ্যমত ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে ৷