ডিজিটেল সংবাদ, কলিয়াবৰ: কলিয়াবৰৰ ৰহঢলা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰহঢলা-মিছামুখ সংযোগী ডেৰ কিলোকিটাৰ পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে বৃহত্তৰ অঞ্চলৰ ৰাইজক। বোকা-পানীৰে ভৰি পথ নে পথাৰ ধৰিব নোৱাৰা অৱস্থা হৈছে পথচোৱাৰ। ফলত যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগিব লগা হৈছে ৰাইজে।
যাৰফলত পথটোত বোকাত আবদ্ধ হৈ পৰে যান-বাহন। গাড়ী-বাইক বাদেই পথটোৰে চাইকেল লৈ যোৱাটোও বিপদজনক হৈ পৰিছে। পথটো পকীকৰণৰ বাবে স্থানীয় ৰাইজে বাৰম্বাৰ আবেদন-নিবেদন কৰি আহিছে যদিও আজিলৈকে সুফল লাভ কৰা নাই।
২০১৭ চনত গাঁও পঞ্চায়তৰ তৰফৰ পৰা এমজিএনৰেগা আঁচনিৰ অধীনত পথটো নিৰ্মাণৰ বাবে এক আঁচনি গ্ৰহণ কৰা হৈছিল যদিও ফুটুকাৰ ফেনত পৰিণত হ'ল সেই আঁচনি। আনহাতে, লোকসভা নিৰ্বাচনৰ আগে আগে পথটো পকীকৰণ কৰিবলৈ আধাৰশিলা স্থাপন কৰিছিল স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই। কিন্তু আজিলৈকে আৰম্ভ নহ'ল পকীকৰণৰ কাম। পথচোৱাৰ দুৰৱস্থাৰ বাবে এতিয়া ৩ কিলোমিটাৰ দূৰত্ব অতিৰিক্তভাৱে ঘূৰি যাব লাগে অঞ্চলটোৰ ৰাইজে।