/asomiyapratidin/media/media_files/2025/06/08/cbJOGO7FcgUFKbUrDtbx.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰত দেওবাৰে সন্ধিয়া প্ৰায় ৭ বজাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে দুজন লোক নিহত হয়। কলিয়াবৰ-তেজপুৰ সংলগ্ন ৰাষ্ট্ৰীয় ঘাই পথৰ হাতীবন্ধা দলাপানীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।
জানিব পৰা মতে, তীব্ৰ বেগী ট্ৰাক -আৰু এ এছ ০২ এ বি ০২৬২ নম্বৰৰ মটৰ চাইকেলৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় দুই বাইক আৰোহী। ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলাই যায় ট্ৰাকখন।
নিহত দুই বাইক আৰোহী নগাঁও ৰূপহীৰ কোঁচগাঁৱৰ আনোৱাৰ হুচেইন আৰু আশীকুল ইছলাম বুলি চিনাক্ত হৈছে ৷ ইতিমধ্যে ঘটনাস্থলীত স্থানীয় চুলুং আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।