/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/nagaon-flood.jpg)
ডিজিটেল সংবাদ,নগাঁও: কলঙ সূঁতিৰ বানে ৰূদ্ৰৰূপ ধাৰন কৰিছে ৷ সময় পাৰ হোৱাৰ লগে লগে কলঙৰ জলপৃষ্ঠ বৃদ্ধি পায় আছে ৷ শেহতীয়া মঙ্গলবাৰৰ তথ্য মতে নগাঁও চহৰত কলঙৰ জলপৃষ্ঠ বিপদসীমাৰ পৰা ১.৮৯ মিটাৰ ওপৰেদি বৈ আছে ৷ একেদৰে ৰহাত কলঙ ২.১২ মিটাৰ ওপৰেদি বৈ আছে ৷
নগাঁও জিলা প্ৰশাসনে দুপৰীয়া দিয়া এক নিৰ্দেশ অনুসৰি সকলোধৰনৰ শিক্ষানষ্ঠানৰ পাঠদান বন্ধ ঘোষণা কৰিছে ৷ কামপুৰ,ৰহা আৰু নগাঁও সদৰ ৰাজহ চক্ৰৰ এলেকাৰ চৰকাৰী , বেচৰকাৰী বিদ্যালয়ৰ লগতে আন আন শিক্ষানুষ্ঠানৰ পাঠদান নাকচ কৰিছে ৷ বান পৰিস্থিতি উপশম নোহোৱা পৰ্যন্ত শ্ৰেণীৰ পাঠদান বন্ধ থাকিব বুলি নগাঁও জিলা উপায়ুক্তই নিৰ্দেশনা জাৰি কৰিছে ৷