‘কালামচেট’ৰ সফল উক্ষেপণত সন্তুষ্টি প্ৰধানমন্ত্ৰীৰ

‘কালামচেট’ৰ সফল উক্ষেপণত সন্তুষ্টি প্ৰধানমন্ত্ৰীৰ

author-image
asomiyapratidin
New Update
‘কালামচেট’ৰ সফল উক্ষেপণত সন্তুষ্টি প্ৰধানমন্ত্ৰীৰ

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে সন্ধিয়া মহাকাশলৈ সফল উক্ষেপণ কৰা হয় বিশ্বৰ ক্ষুদ্ৰতম উপগ্ৰহটো। ড০ এপিজে আব্দুল কালামৰ নামেৰে নামাংকিত কৰা 'কালামচেট' নামৰ ক্ষুদ্ৰ উপগ্ৰহটো নিৰ্মাণ কৰি উলিয়াইছিল একাংশ ছাত্ৰ-ছাত্ৰীয়ে। শ্ৰীহৰিকোটৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা এই উপগ্ৰহটো পিএছএলভি৪৪ মিছনৰ জৰিয়তে মহাকাশলৈ উক্ষেপণ কৰা হয়।

Advertisment

ইছৰ'ৰ অধ্যক্ষ কে শিৱানে এই উপগ্ৰহটো উক্ষেপণ কৰি সন্তুষ্টি ব্যক্ত কৰে। ছাত্ৰ-ছাত্ৰীয়ে প্ৰস্তুত কৰি উলিওৱা এই উপগ্ৰহটোক প্ৰক্ষেপণে ভাৰতক মহাকাশ অধ্যয়নত এখোজ আগুৱাই নিয়া বুলি মন্তব্য কৰে কে শিৱানে। ইফালে এই সফলতাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইছৰ'ৰ লগতে ইয়াৰ সৈতে জড়িত সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।