/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/c3433a3f-9214-4cf0-a37c-ba6c8d26bb78/kalakuchi_lakhmi_puja.jpg)
Kalakuchi Lakhsmi puja
ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ জিলাৰ কালাকুছি তেতেলিগুৰীত অনুষ্ঠিত হৈছে ৭৭তম লক্ষ্মী পূজা । উদযাপন সমিতিয়ে জানিবলৈ দিয়া অনুসৰি ৯ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ অনুষ্ঠিত হ'ব লক্ষ্মী পূজা। সোমবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি বিভিন্ন জাতি- জনগোষ্ঠীৰ লোকৰ সাংস্কৃতিক প্ৰদৰ্শনৰে শোভাযাত্ৰা অনুষ্ঠিত হয়। প্ৰতিটো দিশতে সুন্দৰ ভাৱে সজাই-পৰাই তোলাৰ বাবে লক্ষ্মী পূজাই ভক্তক আকৰ্ষণ কৰিছে।
তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি জলেন দৈমাৰীয়ে সাংবাদিকক জানিবলৈ দিয়ে যে, প্ৰতিদিনেই চিনেমা, থিয়েটাৰ প্ৰদৰ্শন কৰাৰ লগতে নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আনহাতে এই বৰ্ষৰ লক্ষ্মী পূজাত সমাজ বিৰোধী খেল খেলিবলৈ দিয়া হোৱা নাই । স্থানীয় ৰাইজৰ সহযোগত শান্তিপূৰ্ণ ভাৱে লক্ষ্মী পূজা উদযাপন কৰা বুলি উল্লেখ কৰে।