মানকাচৰত কাকৰিপাৰা ছুপাৰ লীগ ! চূড়ান্ত খেলত বিজয়ী কাকৰিপাৰা ক্ৰিকেট দল...

মানকাচৰৰ কাকৰিপাৰা যুৱ সমাজৰ উদ্যোগত প্ৰায় এমাহ পূৰ্বে ২৪ টাকৈ ক্ৰিকেট দলক লৈ আৰম্ভ হোৱা কাকৰিপাৰা ছুপাৰ লীগৰ চূড়ান্ত খেলখন দেওবাৰে কাকৰিপাৰা আৰু ঠাকুৰাণবাৰী ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ  ড্ৰাগছ, মোবাইল গেমৰ পৰা নৱ প্ৰজন্মক আঁতৰত ৰাখি শৰীৰ চৰ্চা আৰু খেলৰ প্ৰতি আকৃষ্ট কৰিবলৈ মানকাচৰৰ কাকৰিপাৰাত অনুষ্ঠিত কৰা হয় কাকৰিপাৰা ছুপাৰ লীগ ক্ৰিকেট প্ৰতিযোগিতা।

Advertisment

মানকাচৰৰ কাকৰিপাৰা যুৱ সমাজৰ উদ্যোগত প্ৰায় এমাহ পূৰ্বে ২৪ টাকৈ ক্ৰিকেট দলক লৈ আৰম্ভ হোৱা কাকৰিপাৰা ছুপাৰ লীগৰ চূড়ান্ত খেলখন দেওবাৰে কাকৰিপাৰা আৰু ঠাকুৰাণবাৰী ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হয়। চূড়ান্ত প্ৰতিযোগিতাত কাকৰিপাৰা দলে ৬ উইকেটত জয়লাভ কৰি প্ৰথমখন কাকৰিপাৰা ছুপাৰ লীগৰ খিতাপ অৰ্জন কৰে। 

প্ৰতিযোগিতাখনত মানকাচৰৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলাম মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল ৪৫ নং বেটেলিয়ান বিএছএফৰ কমাণ্ডেণ্ট চন্দ্ৰ কান্ত উপাধ্যায়। চূড়ান্ত বিজয়ী কাকৰিপাৰা ক্ৰিকেট দলক ট্ৰফী আৰু নগদ ১ লাখ ১০ হাজাৰ টকাৰে পুৰস্কৃত কৰাৰ লগতে ৰানাৰ্চ আপ দলক ট্ৰফী আৰু নগদ ৫০ হাজাৰ টকাৰে পুৰস্কৃত কৰা হয়। 

প্ৰতিযোগিতাখনত বাল্য বিবাহ, ড্ৰাগছ বিৰোধী সজাগতা চলোৱাৰ লগতে বৃক্ষ ৰোপন আদি বিষয়ৰ ওপৰত ৰাইজৰ মাজত সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰা হয়।

মানকাচৰ ক্ৰিকেট খেল