/asomiyapratidin/media/media_files/2025/02/18/fMErfjpoQMeI9LeGbaqF.jpg)
প্ৰায়াগৰাজত নিৰুদ্দেশ কাকীৰ ৰামসিং চৌহান
ডিজিটেল সংবাদ, লংকা : প্ৰয়াগৰাজত অনুষ্ঠিত হোৱা মহাকুম্ভ মেলাত স্নান কৰিবলৈ গৈ যোৱা ১৪ জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে কাকীৰ ৰামসিং চৌহান নামৰ এজন ৫৫ বছৰীয়া লোক। যোৱা ১৩ জানুৱাৰীত লংকাৰ কাকী টিলাবজাৰৰ পৰা নিজৰ ককাইয়েক-বৌয়েক তথা আত্মীয়ৰ সৈতে প্ৰয়াগৰাজত গৈছিল ৰামসিং চৌহান।
জানিব পৰা মতে ১৪ জানুৱাৰীৰ পুৱা ৪-০০ বজাত স্নান কৰাৰ পাছতেই নিৰুদ্দেশ হয় ৰামসিং। আজি প্ৰায় ৩৫ দিন উকলি গ’ল যদিও এতিয়ালৈকে লোকজনৰ কোনো সন্ধান লাভ কৰা নাই পৰিয়ালৰ লোকসকলে।
ইফালে পিতৃৰ সন্ধানত পুত্ৰয়ো প্ৰায় এক সপ্তাহ ধৰি প্ৰয়াগৰাজত বিচাৰ- খোচাৰ কৰে যদিও কোনো সন্ধান পোৱা নাই বুলি জানিবলৈ দিয়ে। তাৰোপৰি পুত্ৰই প্ৰয়াগৰাজৰ প্ৰশাসন আৰু আৰক্ষীক অৱগত কৰিছিল যদিও কোনো সঁহাৰি নিদিয়া বুলি অভিযোগ তোলে।
ইফালে সন্ধানহীন লোকজনৰ কিবা সম্ভেদ লাভ কৰিলে পৰিয়ালৰ লোকে ৮৫৯০৫ ৭১৯৯৩ নম্বৰত যোগাযোগ কৰিবলৈ ৰাইজক অনুৰোধ জনাইছে।