কাকী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ওলমিল তলা...

বৃহত্তৰ কাকী গ্ৰামাঞ্চলৰ ৰাইজৰ চিকিৎসাৰ একমাত্ৰ ভৰষাস্থল চিকিৎসালয়খনত বিগত বহুদিনৰে পৰা নিশা এজনো চিকিৎসক উপস্থিত নাথাকে।

author-image
Asomiya Pratidin
New Update
fg

ডিজিটেল সংবাদ,লংকা: হোজাইৰ কাকী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত নিশা চিকিৎসক-স্বাস্থ্যকৰ্মীক বিচাৰি নাপাই ক্ষুব্ধ আছু কৰ্মী। সাধাৰণ চিকিৎসা কৰিবলৈও চিকিৎসালয়খনত নাছিল কোনো চিকিৎসক-স্বাস্থ্যকৰ্মী। ফলত আছুৱে কাকী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত তলা ওলমাই দিয়ে।

অৱশ্যে,পুৱা চিকিৎসালয়খনত হোজাই জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকী উপস্থিত হৈ বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়াত তলা খুলি দিয়া হয়। উল্লেখ্য যে,বৃহত্তৰ কাকী গ্ৰামাঞ্চলৰ ৰাইজৰ চিকিৎসাৰ একমাত্ৰ ভৰষাস্থল চিকিৎসালয়খনত বিগত বহুদিনৰে পৰা নিশা এজনো চিকিৎসক উপস্থিত নাথাকে।

যাৰ বাবে,জৰুৰীকালীন অৱস্থাত চিকিৎসাৰ বাবে হোজাই জিলা অসামৰিক চিকিৎসালয়লৈ যাব লগা হয়।এই ক্ষেত্ৰত সমগ্ৰ বিষয়টিক লৈ সদৌ হোজাই জিলা ছাত্ৰ সন্থাই স্বাস্থ্য মন্ত্ৰীগৰাকীৰ লগতে মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি বিহিত ব্যৱস্থাৰ দাবী উত্থাপন কৰিছে।

লংকা