চিইএম কাপ ফুটবল প্ৰতিযোগিতাত বিজয়ী কাজলগাঁও

প্ৰথম বডোলেণ্ড চিইএম কাপ ফুটবল প্ৰতিযোগিতাত ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টি‌ দলে চিৰাং জিলাৰ চেম্পিয়নৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে।

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24 new 2

ডিজিটেল সংবাদ, চিৰাংঃ প্ৰথম বডোলেণ্ড চিইএম কাপ ফুটবল প্ৰতিযোগিতাত ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টি‌ দলে চিৰাং জিলাৰ চেম্পিয়নৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে। বিটিআৰৰ চিৰাং জিলাৰ অন্তৰ্গত আন্তঃ পৰিষদীয় সমষ্টি ভিত্তি অনুষ্ঠিত প্ৰতিযোগিতাৰ ৰৌমাৰী দেৰহাসাৰ ষ্টেডিয়ামত বৃহস্পতিবাৰে অনুষ্ঠিত চূড়ান্ত খেলখনত ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টি‌ দলে ১৭ নম্বৰ সুভাইঝাৰ পৰিষদীয় সমষ্টি দলক ২-১ গ'লত পৰাজিত কৰে আৰু কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া মূল পৰ্যায়ৰ খেলত অংশগ্ৰহণৰ সুযোগ লাভ কৰে। 

Advertisment

এই প্ৰতিযোগিতাত কাজলগাঁও দলৰ ইৰালাল বসুমতাৰী শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। খেলত মুখ্য অতিথি হিচাপে চিদলী বিধান সভা সমষ্টিৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু আমন্ত্ৰিত অতিথি হিচাপে অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক ডঃ ছাংগ্ৰাং ব্ৰহ্ম উপস্থিত থাকে।

ফুটবল চিৰাং