কাজলগাঁৱত যোগসন কেন্দ্ৰ মুকলি...

আজিৰ যোগাসন প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবা শতাধিক স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে যুৱক,যুৱতী আৰু বয়োজেষ্ঠ নাগৰিক সকলেও অংশগ্ৰহণ কৰে ।

author-image
Asomiya Pratidin
New Update
tyutu

ডিজিটেল সংবাদ, চিৰাং:  মানুহ এগৰাকী মানসিক চাপমুক্ত আৰু শাৰীৰিক ভাবে নিৰোগী হৈ থাকিবলৈ যোগাসনৰ ভূমিকা অপৰিসীম। সেই যোগাসনৰ পৰম্পৰাগত স্বাস্থ্য পদ্ধতিৰ প্ৰচাৰ প্ৰসাৰৰ বাবে ২১ জুন আন্তৰ্জাতিক যোগ দিৱসৰ প্ৰাকক্ষণত চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় আয়ুষ (AYUSH) মিচন, অসমৰ সহযোগত কেইবালানি কাৰ্য্যসূচী হাতত লোৱা লৈছে ।

এই কাৰ্যসূচীৰ অধীনত অলাগতীয়াল গছ গছনিৰে ভৰি থকা কাজলগাঁৱৰ যোগ উদ্যানখনক নতুনকৈ সজাই-পৰাই নতুন ৰূপ দিয়া হৈছে । আজি চিৰাং জিলা আয়ুক্ত যতীন বৰা আৰু অসম ৰাজ্যিক আয়ুষ মিছনৰ যুটীয়া সঞ্চালক ডা০ শশী সোনোৱালে উক্ত যোগ কেন্দ্ৰটোক আনুষ্ঠানিক ভাবে উদ্বোধন কৰে। 

ৌ

উল্লেখ্য যে কাজলগাঁৱৰ এই যোগ উদ্যানৰ উদ্বোধনী অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি জিলা পৰ্যায়ৰ যোগাসন  প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । চাৰিটা বিভাগত অনুষ্ঠিত যোগাসন প্ৰতিযোগিতা জিলা যোগ উদ্যানৰ উপৰি জিলা পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত কৰা হয় ।

আজিৰ যোগাসন প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবা শতাধিক স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে যুৱক,যুৱতী আৰু বয়োজেষ্ঠ নাগৰিক সকলেও অংশগ্ৰহণ কৰে । আজিৰ এই যোগাসন কাৰ্যসূচীৰ অনুষ্ঠান মুকলি কৰি জিলা আয়ুক্ত যতীন বৰাই কয় যে আমাৰ ভাৰত বৰ্ষত প্ৰাচীন যুগৰে পৰা ঋষি মুনি সকলে নিৰোগী আৰু মানসিক ভাবে সৱল হৈ থাকিবলৈ যোগাসন কৰিছিল।  

ৈা

আজি আধুনিক বিশ্বৰ লোকে আমাৰ দেশৰ যোগ তথা যোগাসনক ৰোগমুক্তি আৰু মানসিক ভাবে সুস্থ হৈ থাকিবলৈ আদঁৰি লৈছে। এই যোগ তথা যোগাসন গুণাগুণ সন্দৰ্ভত সৰ্বসাধাৰণ ৰাইজৰ মাজত অধিক ফলপ্ৰসু প্ৰচাৰ প্ৰসাৰৰ বাবে এই কাৰ্য্যসূচী গ্ৰহণ কৰিছো।

অসম ৰাজ্যিক আয়ুষ মিচনৰ যুটীয়া সঞ্চালক ডা০ শশী সোনোৱালে কয় যে অসম ৰাজ্যিক আয়ুষ মিচন ফালৰ পৰা আগবঢ়োৱা আৰ্থিক অনুদানেৰে আজিৰ দিনটোত চিৰাং আৰু কাৰ্বি আংলং জিলাত এনেধৰনৰ যোগ উদ্যান পুনঃ উন্নয়ন কৰি মুকলি কৰা হৈছে আৰু আগলৈ যাতে এই যোগ উদ্যান সমূহত নিয়মিত যোগাভ্যাস কৰা হয় তাৰ বাবে ৰাইজৰ সহযোগিতা কামনা কৰে ।

ে্ি

চিৰাং যোগাসন