চৰকাৰী আঁচনিৰ নামত ভিচিডিচি সদস্যৰ দুৰ্নীতিঃ ৰাইজৰ উত্তাল প্ৰতিবাদ

দুৰ্নীতিগ্ৰস্ত নুৰজাহান খাতুনৰ বিৰুদ্ধে তদন্ত কৰক, চৰকাৰী আচঁনি ৰূপায়নৰ নামত দুৰ্নীতি কৰা বন্ধ কৰক আদি শ্লোগানেৰে ২ নং শালঝোৰা গাঁৱৰ প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
1

ডিজিটেল সংবাদ, চিৰাং:  চিৰাং জিলাৰ কাজলগাঁও ভিচিডিচিৰ ২ নং শালঝোৰা গাঁৱৰ ভিচিডিচি সদস্য আব্দুল ছালাম আৰু তেওঁৰ সহধৰ্মিনী নুৰজাহান খাতুনৰ বিৰুদ্ধে গ্ৰামোন্নয়ন বিভাগৰ চৰকাৰী আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতি আৰু স্বজন তোষন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি শালঝোৰা গাঁৱৰ ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Advertisment

প্ৰতিবাদকাৰী ৰাইজে জৱকাৰ্ডৰ নামত দুৰ্নীতি বন্ধ কৰক, চৰকাৰী আচঁনি ৰূপায়নৰ নামত স্বজন তোষন বন্ধ কৰক, আত্মসাত কৰা জৱকাৰ্ডৰ ধন ঘূৰাই দিয়ক, শালঝোৰা গাঁৱৰ ভিচিডিচি সদস্য হায় হায়, দুৰ্নীতিগ্ৰস্ত নুৰজাহান খাতুনৰ বিৰুদ্ধে তদন্ত কৰক, চৰকাৰী আচঁনি ৰূপায়নৰ নামত দুৰ্নীতি কৰা বন্ধ কৰক আদি শ্লোগানেৰে ২ নং শালঝোৰা গাঁৱৰ প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

স্থানীয় লোকৰ অভিযোগ কাজলগাঁও ভিচিডিচিৰ ২ নং শালঝোৰা গাঁৱৰ ক্ষীপ্ৰ উন্নয়নৰ স্বাৰ্থত শিক্ষিত যুৱক আব্দুল ছালামক ভিচিডিচিৰ সদস্য হিচাপে সৰ্বসন্মত ভাবে মনোনীত কৰিছিল। কিন্তু যেতিয়াৰে পৰা ভিচিডিচিৰ সদস্য আব্দুল ছালামৰ ঠাইত তেওঁৰ পত্নী নুৰজাহান খাতুনে উন্নয়নৰ সকলো কামকাজ কৰিবলৈ আৰম্ভ কৰে তেতিয়াৰে পৰা ২ নং শালঝোৰা গাঁৱত উন্নয়নৰ ঠাইত আৰম্ভ দুৰ্নীতি, স্বজন তোষনৰ ৰাজনীতি।

প্ৰতিবাদকাৰী ৰাইজে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে যে এমজিএনৰেগা আঁচনিৰ জৱকাৰ্ডধাৰী প্ৰকৃতাৰ্থত দৰিদ্ৰ, দুখীয়া লোক সকলক বঞ্চিত কৰি দুৰ্নীতিগ্ৰস্ত দম্পতী হালে নিজৰ নিকট আত্মীয়ৰ লগতে অঙ্গনৱাড়ী কৰ্মীৰ নামতো জৱকাৰ্ডত কাম কৰা বুলি দেখুৱাইছে জৱকাৰ্ডৰ ধন হৰলুকী কৰিছে।

কিছু সংখ্যক দুখীয়া শ্ৰেণীৰ লোকৰ জৱকাৰ্ডৰ কাম কৰাৰ নামত পাঁচ হেজাৰৰ পৰা সাত হেজাৰ টকা বেংকত টকা কৰি পিছত পাঁচশ টকা জৱকাৰ্ডধাৰী সকলক দি বাকি টকা বেংকৰ পৰা উঠাই উদৰস্থ কৰিছে বুলি ভুক্তভোগী সকলে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। আনপিনে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত হিতাধিকাৰীৰ পৰা দুই হেজাৰ পৰা পাঁচ হেজাৰ টকালৈকে উপঢৌকন হিচাপে লোৱাৰ পিছতো ঘৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ পিছত জৱকাৰ্ডৰ নামত থকা ১৮ হেজাৰ টকা এতিয়ালৈকে মুকলি কৰি দিয়া নাই বুলি কেইবাগৰাকী হিতাধিকাৰীয়ে অভিযোগ উত্থাপন কৰে ।

 সম্প্ৰতি দুখীয়া দৰিদ্ৰ লোক সকলৰ মাজত অৰুণোদই আচঁনিৰ প্ৰপত্ৰ বিতৰণ কৰা হৈ আছে কিন্তু ২ নং শালঝোৰা গাঁৱৰ অঘোষিত ভিচিডিচি সদস্যা ৰূপে কাম কৰা নুৰজাহান খাতুনে সেই অৰুণোদই আঁচনিৰ প্ৰপত্ৰ খিনি প্ৰকৃতাৰ্থত হিতাধিকাৰী সকলক বঞ্চিত কৰি আৰ্থিক দিশত স্বচ্ছল নিজৰ নিকট আত্মীয়ৰ মাজতে বিতৰণ কৰিছে বুলি অভিযোগ কৰে।

উল্লেখ্য যে ২ নং শালঝোৰা গাঁৱৰ ভিচিডিচি সদস্য আব্দুল ছালাম আৰু তেওঁৰ সহধৰ্মিনী নুৰজাহান খাতুনৰ এই দুৰ্নীতিৰ বিৰুদ্ধে ইতিমধ্যে চিৰাং জিলাৰ আয়ুক্তক অভিযোগ কৰা হৈছে । এইক্ষেত্ৰত জিলা আয়ুক্ত গৰাকীয়ে উচিত পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে অন্যথাই ভুক্তভোগী ৰাইজে এই স্বজন তোষনকাৰী তথা দুৰ্নীতিগ্ৰস্থ দম্পতীহালৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হব বুলি হুংকাৰ প্ৰদান কৰে।

চিৰাং কাজলগাঁও