/asomiyapratidin/media/media_files/2025/06/22/1uu-2025-06-22-13-59-25.jpg)
ডিজিটেল সংবাদ,চিৰাংঃ উত্তৰ-পূব ভাৰতৰ ভিতৰত অন্যতম আধুনিক সা-সুবিধাযুক্ত প্ৰথমটো জিলা কাৰাগাৰ হিচাপে চিহ্নিত হোৱা চিৰাং জিলা সদৰ কাজলগাঁৱৰ নৱনিৰ্মিত জিলা কাৰাগাৰ আজি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক উদ্বোধন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/06/22/whatsapp-image-2-2025-06-22-13-58-35.jpeg)
শনিবাৰে বাক্সা জিলাৰ শালবাৰীত আন্তৰ্জাতিক যোগ দিৱস কাৰ্যসূচী ৰূপায়ন কৰি হেলিকপ্তাৰ যোগে পোনে পোনেই বঙাইগাঁও শোধনাগাৰৰ হেলিপেডত অৱতৰণ কৰি বাহনযোগে ১১:২৫ মিনিটত কাজলগাঁৱৰ নৱনিৰ্মিত জিলা কাৰাগাৰত উপস্থিত হয় আৰু বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো, অসমৰ জেল মন্ত্ৰী ৰূপেশ গোৱালাৰ উপস্থিতিত আনুষ্ঠানিক ভাবে জিলা কাৰাগাৰ উদ্বোধন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/06/22/whatsapp-image-20-2025-06-22-13-58-51.jpeg)
উদ্বোধন কৰাৰ পিছত মুখ্যমন্ত্ৰী গৰাকীয়ে নৱনিৰ্মিত জেলৰ ভিতৰচৰা পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত কয় যে দেশৰ মানবাধিকাৰ আয়োগৰ নীতি নিৰ্দেশনা অনুসৰি সকলো ধৰনৰ আধুনিক সা-সুবিধা যুক্ত কাৰাগাৰ ৰাজ্য চৰকাৰে প্ৰায় ৭৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়াইছে।
চিৰাং জিলা এটা পূৰ্ণাংগ জিলা হিচাপে স্বীকৃতি পাবলৈ জিলা কাৰাগাৰ এটাৰ প্ৰয়োজন আছিলে আৰু আজি সেয়া সম্পূৰ্ণতা পালে। নৱনিৰ্মিত এই আধুনিক জিলা কাৰাগাৰত পুৰুষ, মহিলাৰ কয়দীৰ উপৰি তৃতীয় লিঙ্গৰ কয়দী সকলৰ বাবেও আছে পৃথক ব্যৱস্থা আছে। ৬৩৬ গৰাকী বিচাৰাধীন আচামী তথা কয়দী থকাৰ সু-বন্দোবস্ত আছে লগতে আছে কৰেন্টাইন কৰাৰো সুবিধা আছে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/06/22/whatsapp-image-202-2025-06-22-13-59-06.jpeg)
তদুপৰি এই জিলা কাৰাগাৰৰ ভিতৰচৰাত পুৰুষ আৰু মহিলাৰ বাবে পৃথকে পৃথকে আছে আধুনিক চিকিৎসালয়, বিদ্যালয়, শ্ৰেণীকোঠা,গ্ৰন্থাগাৰ, খেল পথাৰ আৰু মনোৰঞ্জনৰ ব্যবস্থা আছে । চিৰাং জিলা সদৰ কাজলগাঁৱৰ এই জিলা কাৰাগাৰ খন এটা কেবল কাৰাগাৰ হৈ নেথাকি এটা সংশোধনাগাৰ হৈ প্ৰতিষ্ঠা লাভ কৰক বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us