Advertisment

কাজলগাঁৱত ৪ টাকৈ খেৰৰ মেজিত অগ্নিসংযোগ দুৰ্বৃত্তৰ

চাৰিটাকৈ খেৰৰ মেজিত একেলগে সংঘটিত হোৱা অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে নিশা ১২ বজাৰ পৰা কাজলগাঁও, বাসুগাঁও আৰু বঙাইগাঁও চহৰৰ পৰা চাৰিখনকৈ অগ্নিনিৰ্বাপন বাহিনীৰ বাহনে পুৱালৈ যুঁজ দি জুইকুৰা সম্পূৰ্ণ ৰূপে নিৰ্বাপিত কৰিবলৈ সক্ষম হোৱা নাই

author-image
Asomiya Pratidin
New Update
dfgd

ডিজিটেল সংবাদ,চিৰাং:  চিৰাং জিলা সদৰ কাজলগাঁৱৰ সমীপৰ মংলাগাঁৱত মাজনিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। উক্ত অগ্নিকাণ্ডৰ ফলো জুইত জাহ যায় অঞ্চলটোৰ চাৰিটাকৈ খেৰৰ মেজি।

Advertisment

অজ্ঞাত কাৰণত চাৰিটাকৈ খেৰৰ মেজিত একেলগে সংঘটিত হোৱা অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে নিশা ১২ বজাৰ পৰা কাজলগাঁও, বাসুগাঁও আৰু বঙাইগাঁও চহৰৰ পৰা চাৰিখনকৈ অগ্নিনিৰ্বাপন বাহিনীৰ বাহনে পুৱালৈ যুঁজ দি জুইকুৰা সম্পূৰ্ণ ৰূপে নিৰ্বাপিত কৰিবলৈ সক্ষম হোৱা নাই ।

বাতৰি যুগুত কৰালৈ জুই নিৰ্বাপিত কৰাৰ যুঁজ অব্যাহত আছে। নিশা এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় মংলাগাঁৱৰ বাসিন্দা ক্ৰমে অৰ্জুন ছেত্ৰী, কমল ছেত্ৰী, দিলিপ ছেত্ৰী আৰু দিল বাহাদুৰ ছেত্ৰীৰ বাসগৃহত থকা খেৰৰ মেজিত।

কোনোবা দুষ্ট চক্ৰই ইচ্ছাকৃত ভাবে এই খেৰৰ মেজি কেইটাত অগ্নিসংযোগ কৰিছে বুলি স্থানীয় ৰাইজে সন্দেহ কৰে। এই অগ্নিকাণ্ডৰ ঘটনাত ক্ষতিগ্ৰস্ত লোক সকলে আৰক্ষীৰ কাষ চপাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইপিনে খবৰ লাভ কৰি কাজলগাঁও থানাৰ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

কাজলগাঁও