/asomiyapratidin/media/media_files/2025/06/12/DHmCzfT6Ls0xIOz0lhV9.jpeg)
ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলাৰ কাজলগাঁৱত এগৰাকী পাষাণ পিতৃয়ে মাতৃৰ কোলাৰ পৰা আঠমহীয়া শিশু কাঢ়ি নি পাঁচ হেজাৰ টকাত বিক্ৰী কৰি দিয়াৰ ঘটনা সংঘটিত হৈছে। যি ঘটনাই জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
খবৰ অনুসৰি চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত ছামথাইবাৰীৰ বাসিন্দা তথা স্বামীৰ পৰা বিচ্ছেদ হৈ বৰ্তমান কাজলগাঁৱৰ বৰতালোৱাৰ বাসিন্দা মুংলী মুৰ্মু নামৰ এগৰাকী আদিবাসী মহিলা বৰতালোৱা বজাৰত বহি কান্দি আছিল। এই কথা জানিব পাৰি স্থানীয় সাংবাদিক আব্দুল মালেক আহমেদে সোধপোছ কৰাত মহিলাগৰাকীয়ে সদৰি কৰে তেওঁৰ স্বামী দাৰাও মুৰ্মুয়ে যোৱা দেওবাৰে সন্ধিয়া তেওঁৰ সৈতে কাজিয়া আৰু মাৰপিট কৰি কোলাৰ পৰা আঠ মহীয়া পুত্ৰ সন্তানক কাঢ়ি নিয়ে আৰু আন কাৰোবাৰ ওচৰত বিক্ৰী কৰে।
দুৰ্ভগীয়া মহিলাগৰাকীৰ এই কৰুণ কাহিনী শুনাৰ পিছত মহিলাগৰাকীক কাজলগাঁও থানালৈ গৈ লিখিত অভিযোগ দাখিল কৰাৰ পৰামৰ্শ দিয়ে। তাৰ পিছত নিজৰ আঠ মহীয়া পুত্ৰ সন্তানক কোলাৰ পৰা কাঢ়ি নিয়া স্বামীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে আৰু নিজ পুত্ৰক বিচাৰি আৰক্ষীৰ সহায় বিচাৰে।
দুৰ্ভগীয়া মাতৃগৰাকীৰ কৰুণ অবস্থা দেখি কাজলগাঁও থানাৰ আৰক্ষীয়ে বিভাগীয় ভাৱে কোনো ব্যবস্থা গ্ৰহণ কৰাৰ আগতেই চিৰাং জিলাৰ সাংবাদিকসকলৰ এটা দল বিক্ৰী কৰা শিশু সন্তানটিৰ সন্ধানত ওলাই পৰে। এইক্ষেত্ৰত সাংবাদিকসকলক সহযোগ কৰিবলৈ আগবাঢ়ি আহে সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ উপ সভাপতি দুৰ্গা চোৰেণ।
মাতৃ মুংলী মুৰ্মুৰ তথ্য ভিত্তিত সাংবাদিকৰ দলটোৱে প্ৰথমে তেওঁৰ স্বামী, পাষাণ পিতৃ দাদল মুৰ্মুৰ ঘৰত গৈ উপস্থিত হয়। অৱশ্যে সেই সময়ত দাদল মুৰ্মুয়ে ঘৰত তলা মাৰি বাহিৰলৈ ওলাই যোৱাত তেওঁক লগ নাপালে।
পিছত আন এটা সুত্ৰৰ আঁত ধৰি বিক্ৰী কৰা শিশুটিক চিদলী থানাৰ অন্তৰ্গত ১ নং বালাপাৰা গাঁৱত জনৈক মঙ্গল মুৰ্মু নামৰ এজন ব্যক্তিৰ ঘৰত প্ৰত্যক্ষ কৰে। তাৰ পিছতেই এই খবৰ আৰক্ষীক জনোৱাত কাজলগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুল মনি দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মাতৃ মুংলী মুৰ্মুক লগত লৈ বালাপাৰা গাঁৱৰ মঙ্গল মুৰ্মুৰ ঘৰত উপস্থিত হৈ শিশুটিক উদ্ধাৰ কৰে।
নিজ পুত্ৰক পুনৰ লাভ কৰাত তেওঁ আৱেৰে মাতৃ স্নেহেৰে উমাল পৰশেৰে কোলাত তুলি লয়। ইপিনে মঙ্গল মুৰ্মু পাষন পিতৃ দাদল মুৰ্মুৰ সম্পৰ্কীয় বুলি জানিব পৰা গৈছে।
মঙ্গল মুৰ্মুই জনোৱা মতে দুদিন ধৰি শিশুটিক তেওঁৰ পিতৃয়ে অন্য ব্যক্তিৰ ওচৰত বিক্ৰী কৰিব বিচাৰিছিল বুলি জানিব পাৰি গাওঁবুঢ়াৰ উপস্থিতিত তেওঁ শিশুটিক বিক্ৰী কৰিব নিদিও বুলি নিজৰ লগতে ৰাখিছিল বুলিও দাবী কৰে। ইপিনে শিশুটিক ঘূৰাই পোৱাৰ পিছতেই আবেগিক হৈ পৰে দুৰ্ভগীয়া মাতৃগৰাকী।
চলচলীয়া দুচকুৰে হেৰুৱা সন্তানক বুকুত লোৱাৰ দৃশ্যই উপস্থিতসকলকো আৱেগিক কৰি তোলে। এই শিশু সন্তানক বিক্ৰী কৰাৰ ঘটনা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ উপ সভাপতি দুৰ্গা চৰেনে এই ঘটনাক দুৰ্ভাগ্যজনক ঘটনা বুলি আখ্য দিয়ে।
তেওঁ শিশু বিক্ৰীৰ ঘটনাত জড়িত পাষাণ পিতৃজনক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ বাবে আৰক্ষী প্ৰশাসনক আহ্বান জনায়। আনপিনে মানৱ শিশু বিক্ৰীৰ ঘটনা পোহৰলৈ অনাৰ উপৰি শিশুটিক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত আগভাগ লোৱা সাংবাদিকসকলৰ শলাগ লয় ছাত্ৰ নেতাগৰাকীয়ে।
বাতৰি যুগুত কৰা পৰ্যন্ত নিজৰ আঠমহীয়া পুত্ৰ সন্তানক বিক্ৰী কৰা পাষাণ পিতৃ দাদন মুৰ্মু পলাতক অবস্থাতে আছে বুলি জানিব পৰা গৈছে।