কাহিলীপাৰাত ছাৰ্ভিছ ৰাইফলেৰে নিজৰেই জীৱন শেষ কৰিলে এজন আৰক্ষী জোৱানে

গুৱাহাটীত এগৰাকী আৰক্ষীয়ে আত্মহত্যাৰ পথ বাচি লোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে কাহিলীপাৰাৰ দশম আৰক্ষী বেটেলিয়নত এগৰাকী আৰক্ষী জোৱানে আত্মহত্যা কৰে। 

author-image
Asomiya Pratidin
New Update
কাহিলীপাৰাত ছাৰ্ভিছ ৰাইফলেৰে নিজৰেই জীৱন শেষ কৰিলে এজন আৰক্ষী জোৱানে

ডিজিটেল ডেস্কঃ পুনৰ গুৱাহাটী মহানগৰীত এগৰাকী আৰক্ষীয়ে আত্মহত্যাৰ পথ বাচি লোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে আজি কাহিলীপাৰাৰ দশম আৰক্ষী বেটেলিয়নত এগৰাকী আৰক্ষী জোৱানে আত্মহত্যা কৰে। 

Advertisment

নিজৰ ছাৰ্ভিছ ৰাইফলেৰে নিজে গুলীয়াই আত্মহত্যা কৰা এই জোৱানজনৰ নাম মাণিক দাস। অৱশ্যে তেওঁ কিয় এইদৰে আত্মহত্যা কৰিলে এতিয়ালৈকে জানিব পৰা হোৱা নাই।

আৰক্ষীৰ তদন্তৰ পিছতহে এই ঘটনাৰ সবিশেষ জানিব পৰা যাব। ইয়াৰ পূৰ্বে আজিৰ পৰা কেইদিনমান পূৰ্বে কামৰূপ মহানগৰত অতিৰিক্ত জিলা আয়ুক্ত হিচাপে কৰ্মৰত এগৰাকী বিষয়াই অট্টালিকাৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল।

অসম আৰক্ষী