/asomiyapratidin/media/media_files/2025/04/23/oAqmZ5IGyWmhGLEawJJJ.jpg)
ডিজিটেল সংবাদ,কামপুৰ: ৰাজ্যৰ চৌদিশে বলিছে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বতাহ। ৰাইজৰ কাষলৈ আহিছে প্ৰাৰ্থী সকল। ইয়াৰ মাজতে ঠায়ে ঠায়ে সংঘটিত হৈছে ৰাজনৈতিক সংঘাট। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হব লগা ৰহা সমষ্টিৰ মাধৱপাৰা জিলা পৰিষদত কংগ্ৰেছ আৰু অগপ দলৰ সমৰ্থকৰ মাজত এক সংঘাট সৃষ্টি হয়।
এই সম্পৰ্কত অগপ দলে কংগ্ৰেছ দলৰ বিৰুদ্ধে কচুৱা থানাত এক গোচৰ তৰা উদ্দেশ্যে আজি কচুৱা আৰক্ষী থানাত কংগ্ৰেছ দলৰ সমৰ্থকক লৈ মাধৱপাৰা জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুল জব্বাৰ উপস্থিত হয়।
জানিব পৰা মতে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰহা সমষ্টিৰ কচুৱাৰ মাধৱপাৰা পঞ্চায়তৰ ৩ নং ৱাৰ্ডত দুদিন পূৰ্বে এক ৰাজনৈতিক হিংসাত্মক ঘটনা সংঘটিত হৈছিল। অভিযোগ উঠিছিল অগপৰ নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰত প্ৰবেশ কৰি কংগ্ৰেছ কৰ্মীয়ে আক্ৰমণৰ কৰিছিল।
অগপৰ সমৰ্থক সকলে এই অভিযোগ উত্থাপন কৰি কচুৱা আৰক্ষী থানাত শাসকীয় পক্ষই এক এজাহাৰ দাখিল কৰে। আজি এজাহাৰৰ ভিত্তিত কংগ্ৰেছৰ দলৰ মাধৱপাৰা জিলা পৰিষদৰ প্ৰাৰ্থী আব্দুল জব্বাৰ আৰু শতাধিক দলীয় কৰ্মী লৈ উপস্থিত কচুৱা আৰক্ষী থানাত।
সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত কংগ্ৰেছৰ উৎত্থানত ভয় কৰি শাসকীয় প্ৰাৰ্থী আৰু সমৰ্থক সকলে এয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ কৰা বুলি মন্তব্য কৰে আব্দুল জব্বাৰে।