/asomiyapratidin/media/media_files/2025/02/26/qAHLfVUCo2ZTX7EgXzU8.jpg)
ডিজিটেল সংবাদ,কচুৱাঃ মঙলবাৰে নিশা কচুৱা তিনিআলি বজাৰত চুৰিকাণ্ড সংঘটিত হয়। টিন আৰু ছিলিং কাটি দোকানত সোমাই চোৰ। তিনিখনকৈ দোকানত লুটপাট চলাই চোৰে। গুলজাৰ হুচেইনৰ ফেব্ৰিক দোকান, ৰেজ্জেক ষ্ট'ৰ আৰু আবিদুৰ ৰহমানৰ গ্ৰাহক সেৱা কেন্দ্ৰত সংঘটিত হয় এই চুৰি কাণ্ড।
জানিব পৰা মতে, দোকানৰ চি চি কেমেৰাৰ তাৰ কাটি চোৰ দোকানৰ ভিতৰত প্ৰৱেশ কৰে। গুলজাৰ হুছেইনৰ দোকানৰ পৰা ৫ হাজাৰ,ৰেজ্জেক ষ্ট'ৰৰ পৰা ১ লাখ আৰু আবিদুৰ ৰহমানৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা ২৫ হাজাৰ টকাকৈ নগদ ধন লৈ যায় চোৰে।
ইফালে কচুৱা আৰক্ষী থানাত ঘটনা সন্দৰ্ভত অৱগত কৰা মাত্ৰকেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। কচুৱা তিনিআলি বজাৰত সঘনাই চুৰি কাণ্ড সংঘটিত হৈ থকাত কচুৱা আৰক্ষীক ক্ষীপ্ৰতাৰে তদন্ত কৰাৰ লগতে নিশা বজাৰত প্ৰশাসনৰ তৰফৰ পৰা পহৰা দিয়াৰ ব্যৱস্থা কৰাৰ বাবে কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাৰ সভাপতিয়ে আহ্বান জনাইছে।