কচুৱাত সুদখোৰৰ দপদপনি...

কোন এই সুদখোৰ জাকিৰ,নুৰ উদ্দিন আৰু ডাব্লিউ?  ন্যায় বিচাৰি কচুৱা থানাত এজাহাৰ দিয়াৰ লগতে সংবাদ মাধ্যমৰ কাষ চাপিছে ইন্নচ আলিয়ে। কচুৱা আৰক্ষীয়ে এই সন্দৰ্ভত কি ব্যৱস্থা লয় সেয়া লক্ষনীয় হ'ব।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,কচুৱা:  নগাঁও জিলাৰ কচুৱাৰ উজানমাৰিত সংঘটিত হৈছে এই ঘটনা। ইন্নচ আলি নামৰ লোকজনে একে গাঁৱৰে জাকিৰৰ পৰা ৯ বছৰ আগত ১ লাখ টকা লৈছিল সুদত। বিগত ৮ বছৰে, বছৰি ৩০ হাজাৰ টকাকৈ সুদ দিয়াৰ পিছত ৯০ হাজাৰ টকা মূলধনো দিলে ভুক্তভোগীয়ে।

Advertisment

কিন্তু বাকী থকা ১০ হাজাৰ টকাৰ সুদ বিচাৰি জাকিৰ,ডাব্লিউ আৰু নুৰ উদ্দিনে ভুক্তভোগী লোকজনক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। পিছে কোন এই জাকিৰ,নুৰ উদ্দিন আৰু ডাব্লিউ? 
ন্যায় বিচাৰি কচুৱা থানাত এজাহাৰ দিয়াৰ লগতে সংবাদ মাধ্যমৰ কাষ চাপিছে ইন্নচ আলিয়ে। এতিয়া কচুৱা আৰক্ষীয়ে কি ব্যৱস্থা লয় সেয়া সময়ত হে লক্ষনীয় হ'ব।

সুদখোৰ