কচুৱাত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযানঃ এজন সৰবৰাহকাৰী আটক

কচুৱাত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযানঃ এজন সৰবৰাহকাৰী আটক

author-image
Asomiya Pratidin
New Update
কচুৱাত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযানঃ এজন সৰবৰাহকাৰী আটক

ডিজিটেল সংবাদ,কচুৱাঃ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে পুণৰ অভিযানত নামিছে কচুৱা আৰক্ষী। এক গোপন সূত্ৰৰ ভিত্তিত কচুৱা থানাৰ এছ আই লক্ষ্য জ্যোতি গগৈৰ নেতৃত্বত এই অভিযান চলোৱা হয়।অভিযানত কচুৱাৰ হতিখুটিৰ পৰা এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

Advertisment

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটো কচুৱাৰ উজানমাৰীৰ ছাইদুল ইছলাম বুলি জানিব পৰা গৈছে। ধৃত ছাইদুলৰ পৰা ৪টা চাবোনৰ বাকছত ৫৩.০৩ গ্ৰাম ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে। ধৃত ছাইদুলক কচুৱা আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

Also Read: ৰমেন বৰুৱা...

Kachuwa