কাছাৰত ৬.২২ কোটি মূল্যৰ নিচাজাতীয় সামগ্ৰীৰ সৈতে গ্ৰেপ্তাৰ মণিপুৰৰ দম্পত্তি...

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে। চুবুৰীয়া ৰাজ্য মনিপুৰৰ পৰা কাছাৰৰ মাজেৰে সৰবৰাহৰ সময়ত ধলাই থানাৰ অন্তৰ্গত সপ্তগ্ৰামত

author-image
Asomiya Pratidin
New Update
kachss

ডিজিটেল সংবাদ শিলচৰ: নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে। চুবুৰীয়া ৰাজ্য মনিপুৰৰ পৰা কাছাৰৰ মাজেৰে সৰবৰাহৰ সময়ত ধলাই থানাৰ অন্তৰ্গত সপ্তগ্ৰামত আৰক্ষীয়ে বুজণ পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে।‌

Advertisment

এখন বাহনত তালাচী চলাই আৰক্ষীয়ে বুজণ পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে। লগতে ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে মনিপুৰৰ এগৰাকী মহিলা সহ স্বামী স্ত্ৰীক গ্ৰেপ্তাৰ কৰিছে ধলাই আৰক্ষীয়ে। আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই জানিবলৈ দিয়া মতে, মনিপুৰৰ চুৰাচান্দপুৰৰ পৰা বুজণ পৰিমাণৰ নিষিদ্ধ হেৰ'ইন লৈ এখন বাহন কাছাৰৰ ফালে আহি আছে।

গোপন তথ্যৰ ভিত্তিত এই খবৰ পোৱাৰ পিছত তেওঁৰ নেতৃত্বত ধলাই থানাৰ আৰক্ষীয়ে হেৰ'ইন সৰবৰাহ কৰা নিদিৰ্ষ্ট বাহন খনৰ সন্ধানত অভিযান আৰম্ভ কৰে।  এটা সময়ত MNO1 AS- 1591 নম্বৰৰ বাহন খন ধলাই থানাৰ অন্তৰ্গত সপ্তগ্ৰাম পোৱাত আৰক্ষীয়ে বাহন ৰখাই তালাচী চলায়।

তালাচীৰ সময়ত বাহন খনৰ গোপন চেম্বাৰৰৰ পৰা উদ্ধাৰ কৰা হয় হেৰ'ইন ভৰ্তি ৯৯ টা চাবোনৰ বাকচ। বাকচ কেইটাৰ পৰা উদ্ধাৰ কৰা হেৰ'ইন খিনিৰ ওজন ১.২২ কেজি। পিচত ড্ৰাগছ ডিটেকছন কিট'ৰ সহায়ত হেৰ'ইন খিনি  পৰীক্ষা কৰাত এইখিনি হেৰ'ইন বুলি নিশ্চিত হয় আৰক্ষী।‌

ইয়াৰ পিছত জব্দ কৰা হয় হেৰ'ইন খিনি।‌ জব্দ কৰা হেৰ'ইন খিনিৰ ক'লা বজাৰত মুল্য প্ৰায় ৬.২২ কোটি টকা বুলি সদৰী কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে।‌ ইফালে, নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে বাহন খনত থকা  এগৰাকী মহিলা সহ দুজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোক দুজন মনিপুৰ চুৰাচান্দপুৰ জিলাৰ  চাইকটৰ‌ বাসিন্দা মিছাইল লাইৰেম ৰুৱত আৰু তেওঁৰ পত্নী মেৰীনা নেইটিনফল।‌

প্ৰাথমিক তদন্তৰ‌ পিছত লাভ কৰা তথ্য অনুসৰি জব্দ কৰা হেৰ'ইন খিনি চুবুৰীয়া ৰাজ্য মনিপুৰৰ চূৰাচান্দপুৰ জিলাৰ পৰা অবৈধ ভাবে সৰবৰাহ কৰা হৈছিল বুলি সদৰী কৰে আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই। তেওঁ আৰু সদৰী কৰা মতে, বুজণ পৰিমাণৰ এই হেৰ'ইন খিনি  চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা  মনিপুৰৰ ম্যানমাৰ সীমান্তৰ ম'ৰে‌ হৈ অবৈধ ভাবে  ভাৰতলৈ সৰবৰাহ কৰা হৈছিল।‌  পিছত মনিপুৰৰ চূৰাচান্দপুৰ পৰা কাছাৰৰ মাজেৰে বহি:ৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল আন্তঃৰাষ্ট্ৰীয় চোৰাং ড্ৰাগছ ব্যৱসায়ীয়ে।

কাছাৰ