আজি কাব্যঋষিৰ ৯২ সংখ্যক জন্মতিথি

আজি কাব্যঋষিৰ ৯২ সংখ্যক জন্মতিথি
Published on
Updated on

ডিজিটেল ডেস্ক : "কাহানিও নিনাদিত হৈ নুঠা কিছুমান শব্দৰ হাতৰ এটা মুদ্ৰা,হে হৃদয়ৰ ভগা ডালত ওলমি থকা গোলাপী জামুৰ লগ্ন..." ! আজি কাব্যঋষি নীলমণি ফুকনৰ ৯২ সংখ্যক জন্মদিন।

১৯৩৩ চনৰ ১০ ছেপ্তেম্বৰৰ দিনটোতেই কবি, সাহিত্যিক, কলা-সমালোচক তথা অধ্যাপক নীলমণি ফুকনৰ জন্ম হৈছিল। তেওঁৰ কলমেৰে নামি আহিছিল সূৰ্য। অসমীয়া কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সূদুৰপ্ৰসাৰী প্ৰভাৱ পেলাই এই গৰাকী নমস্য কবিয়ে লিখিছিল গোলাপী জামুৰ লগ্ন, নিৰ্জনতাৰ শব্দ আদি অনেক কবিতা।

দেৰগাঁৱত জন্মগ্ৰহণ কৰা বিশিষ্ট কবিগৰাকীয়ে কাইঁট, গোলাপ আৰু কাঁইট, অলপ আগতে আমি কি কথা পাতি আছিলো আদি অনেক কাব্য সংকলনেৰে অসমীয়া কবিতা জগতক সমৃদ্ধ কৰিছিল।

তেওঁ ঋষিতুুল্য, সেইবাবে সকলোৰে নমস্য। কবিতাৰ পৃথিৱীত তেওঁ বিচৰণ কৰিছিল সততাৰে। দেশ-বিদেশৰ কবিতা অসমীয়ালৈ অনুবাদ কৰি তেওঁ লিখিছিল জাপানী কবিতা, চীনা কবিতা, গাথিয়া লড়কাৰ কবিতা।

এক নিজস্ব কাব্য ধাৰাৰে কবিতাক আগুৱাই নিয়া এইগৰাকী কবি আছিল এজন কলা সমালোচক। চিত্ৰকল্প ওপৰতো আছিল তেওঁৰ অগাধ দখল। ১৯৯১চনত তেওঁক সাহিত্য অকাডেমী, ১৯৯০চনত ভাৰত চৰকাৰে তেওঁক প্ৰদান কৰিছিল পদ্মশ্ৰী।

গুৱাহাটী বিশ্ববিদ্যালয়ে ২০১৯চনৰ ১৯আগষ্টত তেওঁক দিছিল ডি.লীট উপাধি। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি তেওঁ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যাপকৰূপে যোগদান কৰিছিল।

১৯৫০চনৰ পৰাই তেওঁ কবিতা লিখা আৰম্ভ কৰিছিল। পাতি সোণাৰু ফুলঁ, পাহৰিব নোৱাৰিলো যি তেওঁৰ দুখন আত্মজীৱনী। শিল্পকলা দৰ্শন, ৰূপ বৰ্ণ বাক, শিল্পকলা উপলদ্ধি আৰু আনন্দ, লোক কল্পদৃষ্টি তেওঁৰ আন কেইখন মান গ্ৰন্থৰ নাম।

নতুন দিল্লীস্থিত ভাৰতীয় জ্ঞানপীঠে ২০২১ চনত, নীলমণি ফুকনক সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অসামান্য অৱদানৰ বাবে ২০২০ বৰ্ষৰ জ্ঞানপীঠ বঁটা প্ৰদান কৰে এই বঁটা লাভ কৰা তেওঁ তৃতীয় গৰাকী অসমীয়া সাহিত্যিক।

২০২৩চনৰ ১৯ জানুৱাৰীত কাব্যঋষি নীলমণি ফুকনে অসমৰ সাহিত্যৰ বৰপথাৰ উকা কৰি অজান দেশলৈ গুচি গৈছিল। বাগ্মীবৰ নীলমণি ফুকন দেৱৰ জন্ম তিথিত তেখেতলৈ শ্ৰদ্ধা নিবেদিছোঁ৷

আজি কাব্যঋষিৰ ৯২ সংখ্যক জন্মতিথি
শুই থকা অৱস্থাত জলসম্পদ বিভাগৰ কৰ্মচাৰীক হত্যা দুৰ্বৃত্তৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in