/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/aa7f2d86-2451-4f65-91e8-bbdec995bb17/WhatsApp_Image_2022_09_06_at_06_10_30.jpeg)
ডিজিটেল ডেস্কঃ কেৰেলা চৰকাৰৰ পূৰ্বৰ স্বাস্থ্যমন্ত্ৰী কে কে শৈলাজাই প্ৰত্যাখ্যান কৰিলে ৰমন মেগছেছে বঁটা। কে কে শৈলাজাৰ কাৰ্যকালত কেৰালাত কোভিড-১৯ আৰু নিপাহ ভাইৰাছ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোৱা ভূমিকাৰ বাবে আগবঢ়োৱা হৈছিল এই বঁটা।
মন্ত্ৰীগৰাকীয়ে এই বঁটা প্ৰত্যাখ্যান কৰি কৈছে যে, আমি আমাৰ দলৰ সৈতে এই বিষয়ত আলোচনা কৰিছো আৰু সিদ্ধান্ত লৈছো যে এই বঁটা গ্ৰহণ নকৰোঁ। স্বাস্থ্য খণ্ডত কেৰালা চৰকাৰৰ কামৰ বিষয়ে আলোচনা কৰা হৈছে।
তেওঁ কৈছে, এই সন্মানৰ প্ৰতি সম্পূৰ্ণ সন্মান জনাই মই লিখিছো যে, মই ইয়াক কিছুমান ৰাজনৈতিক কাৰণত গ্ৰহণ কৰিব নোৱাৰো কিয়নো ই এক সামূহিক কাম। এজন ব্যক্তি হিচাপে, মই ইয়াক গ্ৰহণ কৰিব নোৱাৰো।
অৱশ্যে, কে কে শৈলাজাৰ এই মন্তব্যৰ বিপৰীতে কেৰালাৰ শাসনাধিস্ত দলটোৱে ইয়াক এক সৰ্বসন্মত সিদ্ধান্ত বুলি অভিহিত কৰিছে। কিন্তু ইয়াক লৈও সৃষ্টি হৈছে বিতৰ্ক। কিয়নো ৰাজনৈতিক জগতত চৰ্চা চলিছে যে কেৰালাৰ শাসনাধিস্ত ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ শীৰ্ষ নেতৃত্বৰ মাজত এই বঁটা গ্ৰহণ কৰা নকৰা বিষয়টোক লৈ ঐক্যমতত উপনীত হ'ব পৰা নাই।
একাংশই বিশ্বাস কৰে যে এই বঁটা গ্ৰহণ কৰিলে স্বাস্থ্য খণ্ডত কাম কৰা সকললৈ এটা ভাল বাৰ্তা প্ৰেৰণ কৰা হ'লহেঁতেন। জানিব পৰা মতে চি পি এমৰ নেতা সীতাৰাম য়েচুৰীয়ে দলটোৱে এই বঁটা গ্ৰহণ কিয় গ্ৰহণ কৰিব নালাগে সেই বিষয়ে তিনিটা কাৰণ ব্যাখ্যা কৰিছে।
সীতাৰাম য়েচুৰীৰ মতে প্ৰাক্তন মন্ত্ৰী এই সফলতা কেৱল এজন মন্ত্ৰীৰ নহয়। কেৰালাৰ স্বাস্থ্যখণ্ডৰ উন্নতিৰ সফলতা কেৰালা চৰকাৰ আৰু স্বাস্থ্য বিভাগৰ লগতে বিভাগটোৰ সকলো কৰ্মচাৰীৰ উমৈহতীয়া প্ৰচেষ্টাৰ ফচল এই সফলতা। ইয়াৰ বাবে কাকো কৃতিত্ব দিব নোৱাৰি।
তেওঁৰ দ্বিতীয়টো যুক্তি হৈছে, এই বঁটা কোনো সক্ৰিয় ৰাজনীতিবিদক দিয়া হোৱা নাই। চেলজা হৈছে চি পি এমৰ কেন্দ্ৰীয় সমিতিৰ সদস্য, যি হৈছে দলটোৰ সৰ্বোচ্চ সিদ্ধান্ত লোৱা সংস্থা। অৰ্থাৎ তেওঁ এতিয়াও ৰাজনীতিত সক্ৰিয় হৈ আছে।
এই সন্মান গ্ৰহণ নকৰাৰ আঁৰত দলটোৰ তৃতীয় যুক্তি টো হ'ল যে ফিলিপাইনৰ নেতা ৰমন মেগছেছে, যাৰ নামত এই সন্মান প্ৰদান কৰা হৈছে তেওঁ বাওঁপন্থীসকলৰ ওপৰত নিৰ্মম অত্যাচাৰৰ ইতিহাস আছে। সেয়েহে এজন নেতা হিচাপে ৰেমন মেগছেছেৰ ইতিহাস অন্বেষণ কৰাৰ প্ৰয়োজন আছে।ইতিহাস অন্বেষণ কৰাৰ প্ৰয়োজন আছে।