২০০৭ চনত সাহিত্য অকাডেমীৰ অনুবাদ বঁটা লাভ কৰা কে বি নেপালীয়ে এইবাৰ পালে নেপালী ভাষাৰ সাহিত্য অকাডেমী বঁটা..

২০০৭ চনত সাহিত্য অকাডেমীৰ অনুবাদ বঁটা লাভ কৰা কে বি নেপালীয়ে এইবাৰ পালে নেপালী ভাষাৰ সাহিত্য অকাডেমী বঁটা..
২০০৭ চনত সাহিত্য অকাডেমীৰ অনুবাদ বঁটা লাভ কৰা কে বি নেপালীয়ে এইবাৰ পালে নেপালী ভাষাৰ সাহিত্য অকাডেমী বঁটা..

ডিজিটেল সংবাদ লামডিঙঃ 'চাইন' নামৰ নেপালী ভাষাত লিখা নাটকখনৰ বাবে চলিত বৰ্ষৰ সাহিত্য অকাডেমী বঁটা লাভ কৰিছে নেপালী সাহিত্যৰ বিশিষ্ট সাহিত্যক কে বি নেপালী (খৰ্গ বাহাদুৰ নেপালী)য়ে। ১৯৩৯ চনৰ ১৬ নৱেম্বৰত ডিগবৈৰ মূলিয়াবৰীত জন্ম গ্ৰহণ কৰা বিশিষ্ট সাহিত্যিক জন সম্প্ৰতি হোজাই জিলাৰ লামডিঙৰ স্থায়ী বাসিন্দা।

লামডিং নগৰৰ মধ্যস্থলতে তেওঁৰ 'বিন্দু' নামৰ এটা ছপাশাল আছে। ১৯৭২ চনত এই ছপাশালটো তেওঁ স্থাপন কৰিছিল। ১৯৬১ চনত প্ৰকাশ পোৱা ' বিন্দু' নামৰ এখন ত্ৰৈমাসিক আলোচনীৰ তেওঁ সম্পাদক আছিল।

এই আলোচনীখনৰ নামৰে তেওঁ ছপাশালটো নামাকৰণ কৰিছে। কে বি নেপালীয়ে ২০০৭ বৰ্ষটো সাহিত্য অকাডেমী অনুবাদ বঁটা লাভ কৰিছিল।মহাকবি কালিদাসৰ অমৰ কাব্য 'মেঘদূত' নেপালী ভাষালৈ অনুবাদৰ বাবে সেই বৰ্ষত তেওঁ এই বঁটা লাভ কৰিছিল।

বিশিষ্ট সাহিত্যিকজনে ১৯৬০ চনত কবিতা পুথি 'নৱ অশ্ৰু', ১৯৬৪ চনত কবিতা 'বিৰহী', ১৯৬৫ চনত উপন্যাস 'মেৰ' ঘৰ মেৰ' সংসাৰ', ১৯৬৫ চনত উপন্যাস 'সমৰ্পন', ১৯৭৩ চনত উপন্যাস 'তচবীৰ এক ৰাত কো', ১৯৭০ চনত গল্প সংগ্ৰহ ''কল্পনা', ১৯৮৪ চনত কবিতা পুথি 'প্লেটফৰ্ম',১৯৯১ চনত গল্প সংগ্ৰহ 'ভোক মৃত্যু আৰু সংঘৰ্ষ', ১৯৮৬ চনত গীতৰ সংগ্ৰহ 'অনুৰাগ',১৯৯২ চনত অসমীয়া চুটি গল্প 'হত্যাকাৰী',২০০১ চনত কবিতা সংকলন 'অনিয়ন্ত্ৰিত মন',২০০৪ চনত কালিদাসৰ 'মেঘদূত' কাব্যৰ অনুবাদ আদি গ্ৰন্থৰে নেপালী সাহিত্যৰ ভড়াল চহকী কৰিথৈ গৈছে।

সাহিত্য অকাডেমি বঁটাৰ উপৰিও তেওঁ অখিল ভাৰতীয় নেপালী ভাষা সংঘৰ দ্বাৰা সাহিত্য ৰচনা পুৰস্কাৰ লাভ কৰিছিল। তদুপৰি তেওঁৰ সমৰ্পন নামৰ উপন্যাসখন বহিঃৰাষ্ট্ৰৰ দ্বাৰাও সন্মানিত হৈছে।

নেপালৰ কাঠমাণ্ডুস্থিত আন্তঃৰাষ্ট্ৰীয় নেপালী ভাষা সংস্থাৰ দ্বাৰাও সন্মানিত হৈছিল।দাৰ্জিলিঙৰ নেপালী সাহিত্য সন্মিলন, অসম সাহিত্য সভা আদি সংগঠনৰ দ্বাৰাও সন্মানিত হৈছিল বিশিষ্ট সাহিত্যিকজন।

তেওঁ ২০০৫ চনত নেপালৰ পৰা মদন স্মাৰক বঁটা লাভ কৰিছিল। অসম নেপালী সাহিত্য পৰিষদ গুৱাহাটীৰ পৰাও সন্মানিত হৈছিল তেওঁ। চলিত বৰ্ষত সাহিত্য অকাডেমি বঁটা লাভ কৰা নাটক 'চাইন' ২০১৮ চনত প্ৰকাশ পাইছিল।

উল্লেখযোগ্য যে, দুটা দিনৰ পূৰ্বে বিশিষ্ট সাহিত্যিকজনৰ কণ্যাৰ পৰলোক প্ৰাপ্তি ঘটিছে।সাহিত্য অকাডেমি বঁটাৰ প্ৰাপ্তিয়ে সেয়ে দুখৰ মাজতো কিছু সুখ কঢ়িয়াই আনিছে বুলি মন্তব্য কৰে।

বিশিষ্ট সাহিত্যিকজনৰ পত্নীও দীৰ্ঘদিন ধৰি শয্যাশায়ী। তেওঁ কয় যে, এইয়া দীৰ্ঘদিন ধৰি নেপালী সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি।ইয়াৰ বাবে তেওঁ কৃতজ্ঞ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in