জ্যোতি সাহিত্য সভাৰ ৰূপালী জয়ন্তীৰ শুভাৰম্ভ...

জ্যোতি সাহিত্য সভাৰ ৰূপালী জয়ন্তীৰ শুভাৰম্ভ...

author-image
Asomiya Pratidin
New Update
জ্যোতি সাহিত্য সভাৰ ৰূপালী জয়ন্তীৰ শুভাৰম্ভ...

ডিজিটেল সংবাদ,বেবেজীয়া: নগাঁও জিলাৰ দেওধৰ -পাখিমৰিয়াস্থিত অসম সাহিত্য সভাৰ অগ্ৰণী শাখা জ্যোতি শাখা সাহিত্য সভাৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰথম কাৰ্যসূচী হিচাপে দেওবাৰে সদৌ নগাঁও জিলা ভিত্তিক এখনি কবি সন্মিলন অনুষ্ঠিত হয়।

Advertisment

দেওধৰ চাৰিআলিৰ সমীপৰ পাখিমৰিয়া গাওঁ স্থিত ৩৮ নং পাখিমৰিয়া নিম্ন বুনিয়াদী বিদ্যালয় প্ৰাংগণত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা কবি সন্মিলনখনি আৰম্ভ হোৱাৰ প্ৰাকমুহুৰ্তত বন্তি প্ৰজ্বলন কৰে শাখাৰ প্ৰাক্তন সভাপতি কমল চন্দ্ৰ শইকীয়াই আৰু আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী ৰবীন চন্দ্ৰ দাসে।

প্ৰতিষ্ঠাপক সভাপতি তথা শিক্ষাবিদ হেমপ্ৰসাদ বৰাই সঞ্চালনা কৰা কবি সন্মিলনখনিৰ আৰম্ভনিতে এটি বৰগীত পৰিৱেশন কৰে শিল্পী নম্ৰতা কলিতাই। উল্লেখযোগ্য যে আগন্তুক ২০২৫ বৰ্ষৰ মে' মাহ পৰ্যন্ত বিভিন্ন কাৰ্যক্ৰমনিকা ৰূপায়ণেৰে বৰ্ষজোৰা ৰূপালী জয়ন্তী উৎসৱ উদযাপনৰ পৰিকল্পনা কৰা নগাঁও জিলা শাখাৰ অন্যতম সক্ৰিয় শাখা জ্যোতি শাখা সাহিত্য সভাৰ আজিৰ এই শুভাৰম্ভণী কাৰ্যসূচীত স্থানীয় বহু লোকে অতি আগ্ৰহেৰে সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হয়।

শাখাৰ সভাপতি উৎপল কুমাৰ বৰা, সম্পাদক জয়ন্ত কুমাৰ বৰা আৰু প্ৰাক্তন সম্পাদক, কবি ময়ূৰ কুমাৰ বৰাই আঁ‌ত ধৰা কবি সন্মিলন খনিত কবি বিৰিঞ্চি কুমাৰ ডেকা,মিন্টু দাস,বিচিত্ৰনাৰায়ণ বৰা,সঞ্জীৱ সাগৰ চৌধুৰী,দীপ্তি বৰা,নিগাজি বৰা, শিৱানী বৰা,বন্যা বৰা,ফৰিদুল ইছলাম, দুলুমনি গোস্বামী,চেনাৰাম কলিতা,নিজৰা শইকীয়া,নিলোৎপল চাংমাই, প্ৰদীপ কুমাৰ শইকীয়া, কুমাৰ বিভূতি,লক্ষ্যজ্যোতি বৰা,উৎপল বনিয়া,মিনা বৰা,জয়ন্তী বৰা,হেলেন পণ্ডিত,ৰিজুমনি দেৱী,চন্দনা বেজবৰুৱা প্ৰমুখ্যে স্থানীয় তথা নগাঁও জিলা বিভিন্ন প্ৰান্তৰ ডেৰ কুৰিৰো অধিক কবিৰ অংশগ্ৰহণেৰে কাব্যানুষ্ঠানটো জীপাল হৈ উঠে।

উল্লেখযোগ্য যে অলপতে অসম চৰকাৰৰ দ্বাৰা দ্বাৰা সাংবাদিক পেঞ্চনেৰে সন্মানিত হোৱা নগাঁবৰ জ্যোষ্ঠ সাংবাদিক কণক হাজৰিকাক আজিৰ অনুষ্ঠানতেই সম্বৰ্ধনা জনোৱা হয়। প্ৰতিষ্ঠাপক সম্পাদক দীপক কুমাৰ বৰুৱা, সদস্য দীপক বৰা, চুনি হাজৰিকা , শিক্ষয়িত্ৰী গৃহলক্ষী দাস, ভোগৰাম গগৈ প্ৰভৃতি বিশিষ্ট ব্যক্তি সকল উপস্থিত থকা কবি সন্মিলন খনিত অংশগ্ৰহণ কৰা সমূহ কবিক এখনি ফুলাম গামোছাৰে আয়োজক সমিতিয়ে আদৰ যাচে।

Also Read: শিখ প্ৰতিনিধি বোৰ্ড ইষ্টাৰ্ণ জোনৰ সভাপতি দলজিৎ সিং শেঠীক নিলম্বন

jyoti sahitya sabha