Advertisment

টিহুত নলবাৰী জিলা সাহিত্য সভাৰ সৌজন্যত জ্যোতিদিৱস পালন...

নলবাৰী জিলা সাহিত্য সভাৰ সৌজন্যত নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত টিহু নগৰৰ নৱ গঠিত নান্নাট্টাৰী পৰমানখোৱা সাহিত্য সভাৰ উদ্যোগত ১৭ জানুৱাৰীত সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱসটি বিভিন্ন কাৰ্যসূচীৰে জ্যোতিদিৱস হিচাপে পালন কৰা হয়। 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলা সাহিত্য সভাৰ সৌজন্যত নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত টিহু নগৰৰ নৱ গঠিত নান্নাট্টাৰী পৰমানখোৱা সাহিত্য সভাৰ উদ্যোগত ১৭ জানুৱাৰীত সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱসটি বিভিন্ন কাৰ্যসূচীৰে জ্যোতিদিৱস হিচাপে পালন কৰা হয়। 

Advertisment

নান্নাট্টাৰীৰ পঞ্চায়ত কাৰ্যালয়ৰ সভাঘৰত আয়োজিত উক্ত দিৱসৰ আৰম্ভণিতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিবেদীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।  ইয়াৰ পাছতে ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক বৃন্দগীতেৰে আৰম্ভ হোৱা মুকলি সভাৰ আঁত ধৰি অনুষ্ঠান আয়োজনৰ উদ্দেশ্য ব্যাখ্যা কৰে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই। সভাত পৌৰোহিত্য কৰে নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি লক্ষী পাটোৱাৰীয়ে। 

উক্ত অনুষ্ঠনত মুখ্য অতিথি হিচাপে ভাগ লয় বাক্সা জিলা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট লেখক কামদেৱ দাসে। ভাষণ প্ৰসংগত তেওঁ কয় যে যি লেখাৰ অৰ্থ বিচাৰি হাবাথুৰি খাবলগীয়া হয় সেই লেখাই কেতিয়াও পাঠকৰ হৃদয়ত ঠাই নাপায়। সহজ-সৰল শব্দেৰে লিখিহে পাঠকৰ মন জয় কৰিব পাৰি। জ্যোতিপ্ৰসাদ আগৰৱালাই গ্ৰাম্য সমাজৰপৰা শব্দবোৰ সংগ্ৰহ কৰি লিখা বাবে তেওঁৰ লেখাবোৰ সদায় সমাদৃত। 

তেওঁ লগতে কয় যে জ্যোতিপ্ৰসাদৰ আদৰ্শৰ ব্যক্তি আছিল শংকৰদেৱ। সেয়ে শংকৰদেৱক তেওঁ সদায় বুকুত লৈ ফুৰিছিল। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে টিহু পৌৰসভাৰ পৌৰপতি হিমানী মজুমদাৰ, জালিখাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ দিবাকৰ শৰ্মাই ভাগ লৈ প্ৰাসংগিক ভাষণ প্ৰদান কৰে। 

নাট্য আৰু সাংস্কৃতিক শিল্পী কুমুদ ভট্টাচাৰ্য আৰু জনপ্ৰিয় সংগীত শিল্পী হেমন্ত তালুকদাৰক জ্যোতিদিৱসৰ সৈতে সংগতি ৰাখি সাদৰ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। নান্নাট্টাৰী পৰমানখোৱা সাহিত্য সভাৰ সম্পাদক হেমন্ত কুমাৰ শীল, সদস্য কবিতা দাস, কিশোৰ কুমাৰ দাস, কল্যাণী পাঠকৰ পৰিচালনাৰে হোৱা এই অনুষ্ঠানত নৱ গঠিত শাখাখনৰ জৰিয়তে অসম সাহিত্য সভাৰ আজীৱন সদস্য হোৱা ৩৮ গৰাকী লোকক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

চন্দ্ৰপ্ৰভা বেজবৰুৱা, বসন্ত কলিতা, গোলাপ বেজবৰুৱা, নীৰেন কলিতা, সূৰ্য কুমাৰ ডেকা, অনুপম ডেকা, ঋতা গোস্বামী, ধৰণী শৰ্মা, মণীন্দ্ৰ ভট্ট, হৰিচৰণ বেজবৰুৱা,  মোহিনী ডেকা, কংকন শৰ্মা, নিৰঞ্জন গোস্বামী, নীৰেন ডেকা, কবিতা দাস, কল্যাণী পাঠক, অনুপ কলিতা, নাউধন মজুমদাৰ, ৰঘুনাথ মেধি, মানসপ্ৰতিম কলিতা, অৰ্চনা ঠাকুৰীয়া, নিৰঞ্জন দত্ত, ৰাজীৱ বেজবৰুৱা, দৰ্পণা কলিতা, কনক বেজবৰুৱা, কিশোৰ কুমাৰ দাস, অংকিতা বৈশ্য, অঞ্জলি বৈশ্য, বিভূতি ডেকা, অৰূপ বৰ্মন, তৰংগ বৰ্মন, ভণীতা দেৱী প্ৰমুখ্যে বহুকেইগৰাকী লোকে নানা গীত-মাত, কবিতা আবৃত্তি, সংলাপ আদি পৰিৱেশন কৰি অনুষ্ঠানটোক অনন্য ৰূপত প্ৰাণৱন্ত কৰি তোলে। অসম সংগীতেৰে কাৰ্যসূচীৰ সফল সমাপন কৰা হয়।

জ্যোতিপ্ৰসাদ আগৰৱালা